অ’ আই চিত ১.৫ বিলিয়ন মুছলমানক ভাৰতৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান ইমৰানৰ

190619 imran khan 16b743b13a5 large

পাকিস্তানৰ প্ৰধানমন্ত্ৰী ইমৰান খানে ইছলামিক দেশৰ সংগঠন অ’ আই চিৰ মঞ্চত আকৌ এবাৰ কাশ্মীৰ প্ৰসংগত উত্থাপনৰে বিশ্বৰ সকলো মুছলমানক ভাৰতৰ বিৰুদ্ধে একত্ৰিত হ’বলৈ আহ্বান জনালে । এইবাৰৰ অ’ আই চি বৈঠকত চীনৰ বৈদেশিক মন্ত্ৰী ৱাংগ য়ীও উপস্থিত আছিল ।

ইমৰানে ভাষণ প্ৰসংগত কয় যে বিশ্বৰ ডেৰ বিলিয়ন মুছলমানে আজিও কাশ্মীৰ আৰু পেলেষ্টাইন সমস্যাৰ সমাধান সূত্ৰ উলিয়াব নোৱাৰে । ‘কাশ্মীৰত আমাৰ কোনো প্ৰভাৱ নাই । তেওঁলোকে আমাক গভীৰতাৰে নলয় । কাশ্মীৰৰ বাসিন্দাসকলক আত্মনিয়ন্ত্ৰণৰ অধিকাৰ দিয়া হোৱা নাই । ভাৰতে অবৈধভাৱে কাশ্মীৰক প্ৰদান কৰা বিশেষ মৰ্যাদা প্ৰত্যাহাৰ কৰিলে ।’ ভাষণ প্ৰসংগত পাকিস্তানৰ প্ৰধানমন্ত্ৰীয়ে অ’ আই চি বৈঠকত এইদৰে কয় ।

ইমৰানে লগতে কয় যে বিশ্বৰ ১.৫ বিলিয়ন মুছলমানে একত্ৰিত হৈ ভাৰতৰ ইছলাম বিৰোধী নীতিৰ বিৰোধিতা কৰা উচিত । ‘কাশ্মীৰক লৈ ভাৰতে হেনো হেঁচাৰ সন্মুখীন হোৱা নাই । ম‌ই বৈদেশিক নীতিৰ প্ৰসংগত ক’ব নোখোজো কিয়নো সকলো দেশৰে বৈদেশিক নীতি পৃথক হয় ।

কিন্তু আমি এক সংযুক্ত মৰ্চা গঠন কৰা প্ৰয়োজন, অন্যথা কাশ্মীৰ আৰু পেলেষ্টাইনত নিৰ্যাতন চলি থাকিব । কাশ্মীৰ আৰু পেলেষ্টাইনৰ নাগৰিকৰ অধিকাৰ ৰক্ষা কৰিবলৈ হ’লে বিশ্বৰ ১.৫ বিলিয়ন ইছলামধৰ্মী একগোট হ’ব লাগিব । বিদেশী হস্তক্ষেপৰ পাছতে মুছলমান দেশসমূহত সন্ত্ৰাসবাদৰ ঘটনা বৃদ্ধি পাইছে ।’ পাক প্ৰধানমন্ত্ৰীয়ে এইদৰে মন্তব্য কৰে ।

Exit mobile version