ইউক্ৰেইনত যুদ্ধৰ প্ৰভাৱ পৰিছে ৰাছিয়াৰ যৌন জীৱনত

4399 man holding condom 1296x728 header

যুদ্ধৰ পৰিৱেশত খাদ্যকে ধৰি সকলাে অত্যাৱশ্যকীয় সামগ্রী ক্রয়ৰ বাবে নাগৰিকে দোকানত ভিৰ কৰাটো স্বাভাৱিক কথা। কিয়নাে যিকোনাে সময়তেঅত্যাৱশ্যকীয় সামগ্ৰীৰ নাটনি বা মূল্যবৃদ্ধি ঘটিব পাৰে।

অথচ প্রতিবেশী দেশ ইউক্রেইনৰ দেশৰ সেনাবাহিনীয়ে চলাই থকা যুদ্ধৰ পােনপটীয়া প্ৰভাৱ ৰাছিয়াৰ মানুহৰ যৌন জীৱনতহে পৰিছে। ইউক্রেইন যুদ্ধৰ পৰিপ্ৰেক্ষিতত ভ্লাদিমিৰ পুটিনৰ দেশত এতিয়া খাদ্য বা অন্যান্য অত্যাৱশ্যকীয় সামগ্ৰীৰ পৰিৱর্তে কনড’মৰ বাবেহে হাহাকাৰ লাগিছে।

যিকোনাে মুহূর্ততে সৰবৰাহ বন্ধ হােৱাৰ আশংকাতে এতিয়া ৰুছ জনতাই দীঘলীয়া শাৰী পাতি বােন্দা পৰ দিছে কনড’মৰ দোকানত। চলিত মাহতে দেশখনত কনডম বিক্ৰীৰ হাৰ দুশ শতাংশ বৃদ্ধি পাইছে।

উল্লেখ্য যে ইউক্রেইনত ৰাছিয়াই আক্রমণ কৰা কাৰ্যত ক্ষুব্ধ হৈ আমেৰিকা আৰু পশ্চিমৰ বিভিন্ন দেশে পুটিনৰ দেশৰ ওপৰত নানা ধৰণৰ নিষেধাজ্ঞা আৰােপ কৰিছে।

ইতিমধ্যেই বৃহৎ পতন ঘটিছে ৰাছিয়াৰ মুদ্ৰা ৰুবলৰ দামত। এনে অৱস্থাত কনড’মক কেন্দ্ৰ কৰি মস্কোৰ আকাশত কলীয়া ডাৱৰে দেখা দিছে।

কনডমৰ মূল্য আকাশলংঘী হ’ব পাৰে বা যিকোনাে মুহূর্ততে সৰবৰাহ বন্ধ হৈ পৰিব পাৰে বুলি আশংকা কৰিয়ে এতিয়া ৰুছ নাগৰিকসকলে ঔষধ বা যৌন সামগ্রী বিক্ৰী কৰা দোকানৰ সন্মুখত শাৰী পাতি এই গর্ভ নিৰােধক সংগ্রহ কৰাৰ বাবে হেতা-ওপৰা লগাইছে।

ৰাছিয়াৰ সবাতােকৈ বৃহৎ অনলাইন সামগ্রী বিক্ৰীৰ বিপণী ‘ৱাইল্ডবেৰী’ৰ তৰফৰ পৰা জনাইছে যে মাৰ্চৰ প্ৰথম দুসপ্তাহতে বিগত বছৰৰ উক্ত সময়ৰ তুলনাত কনড’মৰ বিক্ৰী ১৭০ শতাংশ বৃদ্ধি পাইছে।

আনহাতে, দেশখনৰ সর্ববৃহৎ ঔষধৰ বিপণী ‘থার্টি ছিক্স পইণ্ট ছিক্স’ৰ কর্তৃপক্ষই জনাইছে যে তেওঁলােকৰ কনড’ম বিক্ৰীৰ হাৰ ২৬ শতাংশ বাঢ়িছে। চাহিদা বৃদ্ধিৰ লগে লগে ইয়াৰ মূল্যও বাঢ়িছে।

মুঠতে পাইকাৰী বজাৰতে কনডমৰ মূল্য ৩২ শতাংশ বাঢ়িছে। ৰাছিয়াৰ ছুপাৰ মার্কেটসমূহক কনড’মৰ বিক্ৰী বাঢ়িছে ৩০ শতাংশ।

এই সন্দৰ্ভত ৰাছিয়াৰ অন্যতম বৃহৎ যৌন সামগ্রী বিক্ৰীৰ দোকান ‘প্রেচাৰভেটিভনায়া ছেক্স শ্বপ’ৰ স্বত্ত্বাধিকাৰ ইয়েছেনিয়া শ্বাম’নিনে কয়, ‘মানুহে হয়তাে ভৱিষ্যতৰ কথা ভাবিয়ে অতিৰিক্তভাৱে কনডম ক্রয় কৰি ৰাখিছে।

যাৰ বাবে আমি মূল্য বৃদ্ধি কৰিবলৈ বাধ্য হৈছাে, কিন্তু তাতাে বিক্রীত কোনাে প্রভাৱ পৰা নাই। পৰিস্থিতিয়ে এনে পর্যায় পাইছেগৈ যে পুটিন চৰকাৰৰ বাণিজ্য মন্ত্রণালয়েও মুখ খুলিবলৈ বাধ্য হৈছে।

তেওঁলােকে স্বীকাৰ কৰিছে যে দেশক কনডমৰ চাহিদা এনে পৰিমাণত বৃদ্ধি পােৱা কথাটো তেওঁলােকৰ বাবে অপ্রত্যাশিত আছিল। মন্ত্রণালয়ে জনাইছে যে থাইলেণ্ড, ভাৰত, দক্ষিণ কোৰিয়া আৰু চীনৰ দৰে বিশ্বৰ অন্যতম কনড’ম উৎপাদক দেশসমূহে পূর্বৰ দৰেই ৰাছিয়ালৈ কনডমৰ সৰবৰাহ অব্যাহত ৰাখিছে।

Exit mobile version