ভাৰতীয় জোৱানৰ প্রতি কংগনা ৰানাৱতৰ ভাললগা নতুন নহয় । ভাৰতীয় সৈনিকসকলৰ হৈ বিভিন্ন সময়ত মাত মাতি আহিছে এই বলি-অভিনেত্রীগৰাকীয়ে । বহুতেই হয়তো নাজানে ভাৰতীয় জোৱানৰ প্রতি কংগনাৰ ভালপোৱা ইমান যে এবাৰ তেওঁ সর্বসমক্ষত কৈছিল নিজৰ ‘আদর্শ জীৱনসংগী’-ক হয়তো সেনাৰ পোছাক পৰিধান কৰা কোনো ব্যক্তিৰ মাজতেই বিচাৰি পায় ।
২০১৭ত জম্মুৰ বিএছএফ-ৰ প্রধান দপ্তৰত ‘ৰেংগুন’ ছবিৰ প্রচাৰত উপস্থিত হৈছিল কংগনা । তাতেই বিএছএফ অফিচাৰসকলৰ স’তে কথায় কথায় তেওঁ জনাইছিল কিয় সেনাৰ পোছাক পৰিধান কৰা ব্যক্তিয়ে তেওঁৰ জীৱনসংগী হ’বৰ বাবে আদর্শ । টাইমছ অৱ ইণ্ডিয়াত প্রকাশিত এক প্রতিবেদন অনুসৰি এজন বিএছএফ জোৱানে কংগনাক জনায় সেই মহিলা নিশ্চয় অত্যন্ত নির্বোধ যিয়ে জীৱনসংগী হিচাপে কোনো ফৌজিক অপছন্দৰ তালিকাত ৰাখিব ।’ ইয়াৰ পাছতেই ধেমালিৰ সুৰত কংগনাই কয় যে তেওঁলোকতো ইউনিফৰ্ম পিন্ধা ভাৰতীয় সৈনিকসকলক যেনেদৰে আকর্ষণীয় লাগে তেনেদৰেই সুব্যক্তিত্বপূর্ণ যেন লাগে ।
ইমানতে স্তব্ধ নাথাকি কংগনাই কয়, হয়তো এই জোৱানৰ মাজতেই তেওঁ নিজৰ ‘আদর্শ জীৱনসংগী’-ক বিচাৰি পায় । তাৰকা-অভিনেত্রীয়ে কয়, ‘কো জানে, আজিয়ে হয়তো পায় যাব পাৰো ।’
প্রসংগত, বিশাল ভৰদ্বাজ পৰিচালিত ‘ৰেংগুন’ ছবিত কংগনাৰ উপৰিও মুখ্যভূমিকাত দেখা গৈছিল ছইফ আলি খান আৰু শ্বাহিদ কাপুৰক । দ্বিতীয় বিশ্বযুদ্ধৰ প্রেক্ষাপটত তৈয়াৰ কৰা এই ছবিত এগৰাকী নর্টকীৰ ভূমিকাত দেখা গৈছিল কংগনাক, যিয়ে ব্রিটিছ সৈন্যৰ ছাউনিত নিজৰ নাচ-গানৰ মাধ্যমত সৈনিকসকলৰ মনোৰঞ্জন কৰিছিল ।