শুকুৰবাৰৰ অনাস্থাৰ পূৰ্বে প্ৰধানমন্ত্ৰীৰ পদত্যাগ কৰিব পাৰে ইমৰানে

962372 imran khan new

পাকিস্তানৰ প্ৰধানমন্ত্ৰীৰ পদ যিকোনো মুহূৰ্ততে ত্যাগ কৰিব পাৰে ইমৰান খানে । পাকিস্তানৰ ৰাজনৈতিক মহলৰ ধাৰণা অনুসৰি ইছলামাবাদত অনুষ্ঠিত অ’ আই চিৰ বৈঠকৰ পাছতে ইমৰানৰ ৰাজনৈতিক ভৱিষ্যৎ নিৰ্ণয় হ’ব ।

অহা শুকুৰবাৰে পাকিস্তানৰ সংসদত ইমৰানৰ বিৰুদ্ধে অনাস্থা ভোট অনুষ্ঠিত হ’ব । বিৰোধীয়ে উত্থাপন কৰা এই অনাস্থাৰ পূৰ্বে পাক প্ৰধানমন্ত্ৰীৰ পদ ইমৰানে ত্যাগ কৰিব পাৰে । নিজৰ চকী বচাবলৈ কালি ইমৰানে কৈছিল যে দলৰ ২৪ জন বিক্ষুব্ধ সাংসদ যদি উভতি আহিব বিচাৰে তেন্তে তেওঁ কৰুণাময় ঈশ্বৰৰ দৰে তেওঁলোকক ক্ষমা কৰিব ।

কিন্তু ইমৰানৰ এই ঘোষণাৰ পাছতো ক্ষুব্ধ সাংসদকেইজনৰ পৰা ইতিবাচক সঁহাৰি লাভ কৰা নাই । ফলত সংসদত অনাস্থা ভোটত ইমৰান পৰাজিত হোৱাৰ শংকা আছে । পাকিস্তানৰ ৰাজনৈতিক মহলৰ ধাৰণা অনুসৰি অনাস্থা ভোটৰ পূৰ্বে পাক প্ৰধানমন্ত্ৰী আসন ইমৰানে ত্যাগ কৰিব পাৰে । ইমৰানে তেওঁৰ স্থানত দলৰ আন কোনো নেতাক প্ৰধানমন্ত্ৰী নিযুক্ত কৰিব পাৰে বুলিও চৰ্চা চলিছে ।

Exit mobile version