ৰাষ্ট্ৰীয় পৰ্যায়ত দুৰ্দান্ত নৃত্যপ্ৰদৰ্শনে উজলিছে গোগামুখৰ কন্যা আপ্পুন পেগু

28c283c9 391d 4356 bb12 fbe342ca93d9

ধেমাজি জিলাৰ অন্তৰ্গত গোগামুখৰ কচুতলি গাওঁৰ আপ্পুনে বৰ্তমান আঠ বছৰ বয়সতে মনমুগ্ধ কৰিবলৈ সক্ষম হৈছে ৰাষ্ট্ৰীয় টেলিভিছন জি টিভি ৰিয়েলিটি ‘শ্ব’ ডাঞ্চ ইণ্ডিয়া ডাঞ্চ লিটিল মাষ্টাৰত টপ ১৫ৰ বিচাৰক সকলৰ৷

অৱশ্যে ককাত আইতাকৰ লগত ডাঙৰহোৱা আপ্পুন আক্ৰান্ত হৈ আছে হৃদৰোগত, জন্মলগ্ন পৰা হৃদৰোগত আাক্ৰান্ত আপ্পুনক মাত্ৰ তিনিমাহতে বাপেকে এৰিথৈ যায়, পাছত একলগ হয় যদিও ককাক আইতাকে লগতে ৰাখি বহু কষ্টৰে ডাঙৰ কৰে আপ্পুনক৷

সকলো ধৰণৰ বাধাক প্ৰত্যাহবান জনাই নৃত্যপ্ৰদৰ্শনেৰে জিলিকি উঠা আপ্পুনৰ আইতাকে বিচাৰিছে সকলোৰে সহায়৷ আপ্পুনেও অসমৰ নাম জিলিকাবলে বিচাৰিছে সকলোৰে সহায়, ইতিমধ্যে আঠ বছৰিয়া কণমানিজনিয়ে ৰিয়েলিটি ‘শ্ব’ টপ ১৫ ত উত্তীৰ্ণ হয়৷ কণমানিজনিৰ কৰুণ কাহিনীৰ বিষয়েজানি চকুলু নিগৰিল অভিনেতা জেকি শ্ৰফৰ লগতে তেওঁ সলাগলয় ককাকৰ ৷

কাককে বিচাৰক সকলৰ আগত তাইৰ বিষয়ে বিৱৰি কয় যে তাইৰ হৃদৰোগৰ অস্ত্ৰোপচাৰৰ বাবে কলিকতালৈ যাবলৈ কয়, প্ৰায় পাঁচ,ছয় লক্ষ্যাধিক টকাৰ প্ৰয়োজন, উক্ত টকা তেওঁলোকে যোগাৰ কৰিব নোৱাৰাৰ বাবে বৰ্তমানলৈকে অস্ত্ৰোপচাৰ কৰা হোৱা নাই৷

ডাক্তৰৰ পৰামৰ্শ অনুসৰি তাই ব্যাম কৰি থাকিলে সুস্থহৈ হৈ থাকিব বুলি কোৱাত আপ্পুনক নৃত্যৰ প্ৰদৰ্শনৰ বাবে আকৃষ্ট কৰে ককাক আইতাকে ৷ বৰ্তমান কণমানিজনিয়ে নৃত্যপ্ৰদৰ্শনৰ মাজেৰে উজ্জ্বলি উঠিছে ৰাষ্ট্ৰীয় দৰবাৰত ৷

Exit mobile version