কৃষকৰ সপোন উজলাব চিকৰৈতা-সাৰাংপুৰিয়া প্ৰকল্পই

d8d0653d e510 488d 8cb3 09f7fe7958a0

এক বৃহত্তৰ অঞ্চলৰ কৃষিভূমি । যি ভূমিত উজ্জ্বীৱিত হৈ আছিল কৃষকৰ সপোন। জীৱন জীৱিকাৰ বাবে এনে ভূমিৰ উৎপাদনেই কৃষকৰ পৰিয়ালত আশাৰ সঞ্চাৰ কৰিছিল । কিন্তু পৰিবৰ্ত্তিত পৰিস্থিতিত আজি কেবা বছৰ এই ভূমিখণ্ডৰ পৰা কৰো পানী কতো ওলাই যাব নোৱাৰাত এই ভূমি কৃষি কাৰ্যৰ বাবে অচল হৈ পৰিছিল ।

এনে অৱস্থাত কৃষক সকলৰ পৰিয়াললৈ নামি আহিছিল দূৰ্যোগ । অৰ্থনীতি তচনচ হৈছিল কৃষক সকলৰ । ভাত কাপোৰৰ সমস্যাই বিব্ৰত কৰিছিল কৃষকক । এনে অবস্থাত ৰাজ্যৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ণ মন্ত্ৰী তথা পাটাছাৰকুছি সমষ্টিৰ বিধায়ক ৰণজিৎ কুমাৰ দাস আৰু জিলা উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰীৰ আলচ অনুসৰি কৃষকক সকাহ দিয়াৰ উদ্দেশ্যে এক অভিলাষী পদক্ষেপ গ্ৰহণ কৰা হয় ।

এনে পদক্ষেপৰ ফলপ্ৰসুতাৰ বাবে কেবা লানি আলোচনা আৰু ৰাইজ মেল অনুষ্ঠিত কৰাৰ পাছত উক্ত ভূমিৰ পৰা পানী নিৰ্গমন কৰাৰ বাবে এক প্ৰকল্প ৰ আৰম্ভ কৰাৰ সিদ্ধান্তৰে কাৰ্যত অগ্ৰসৰ হয় প্ৰশাসন ।

চিকৰৈতা সাৰাংপুৰিয়া কৃষি প্ৰকল্প নামে অভিহিত প্ৰকল্পৰ পানী নিৰ্গমন স্থলীত আজি মন্ত্ৰী ৰণজিৎ দাস আৰু উপায়ুক্ত ভাৰত ভূষণ দেৱ চৌধুৰী উপস্থিত হৈ দীৰ্ঘ সময় নিৰ্মাণ কাৰ্যৰ তদাৰক কৰে । প্ৰায় পাঁচ কোটি ব্যয় সাপেক্ষ এই প্ৰকল্পৰ কাম চলিত বৰ্ষত সমাপ্ত নহ’লেও সমাগত বৰ্ষত সম্পূৰ্ণ হৈ উঠিব বুলি মন্ত্ৰী গৰাকীৰ লগতে উপায়ুক্তই আশা ব্যক্ত কৰিছে ।

ইয়াৰ ফলত কৃষকৰ পৰিয়ালত পূৰ্বৰ দৰে হাঁহি বিৰিঙি উঠিব আৰু ভাগি যোৱা অৰ্থনীতি পুনৰ প্ৰাণ পাই উঠিব । সবল হ’ব বজালীৰ গ্ৰামীণ অৰ্থনীতি । উপায়ুক্ত দেৱ চৌধুৰীয়ে জনোৱা অনুসৰি এই প্ৰকল্পই কৃষকৰ উৎপাদন বৃদ্ধি কৰিব আৰু আয়ৰ বাট প্ৰশস্ত কৰিব । মন্ত্ৰী দাসৰ লগতে তেওঁ প্ৰকল্পটোৱে যাতে শীঘ্ৰে কাৰ্যক্ষম হয় তাৰ বাবে প্ৰয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি জানিব দিছে । আশা কৰা হৈছে এই প্ৰকল্প সম্পূৰ্ণ হ’লে এক বৃহত্তৰ অঞ্চলৰ ৰাইজ যথাৰ্থ ভাবে উপকৃত হব ।

Exit mobile version