তিনি বছৰে দেশত ২২০টা নতুন বিমানবন্দৰ প্ৰতিষ্ঠাৰ টার্গেট, লোকসভাত জনালে কেন্দ্রীয় মন্ত্রীয়ে

Jyoti

দেশৰ আর্থিক উন্নয়নত মুখ্য ভূমিকা আছে বিমান উদ্যোগৰ । আগন্তুক তিনি বছৰৰ ভিতৰত দেশত ২২০টা নতুন বিমানবন্দৰ (Airport) তৈয়াৰ কৰাৰ লক্ষ্য লোৱা হৈছে । বৃদ্ধি কৰা হ’ব যাত্রীৰ সংখ্যা । বুধবাৰে লোকসভাত এই কথা ক’লে অসামৰিক বিমান পৰিবহণ দপ্তৰৰ কেন্দ্রীয় মন্ত্রী জ্যোতিৰাদিত্য সিন্ধিয়া (Jyotiraditya Scindia) ।

আজি লোকসভাত কেন্দ্রীয় মন্ত্রীয়ে কয়, অ’মিক্রনৰ আতংক সাম কাটি পুনৰ স্বাভাৱিক হৈছে বিমান পৰিবহণ ব্যৱস্থা । বিগত সাত দিনত নিত্য গড়ে ৩.২৮ লাখ যাত্রী যাতায়াত কৰিছে বিমানত । ২০২৩-২৪ত বিমান পৰিবহণত যাত্রীৰ সংখ্যা বৃদ্ধি কৰাৰ লক্ষ্য লোৱা হৈছে । কেন্দ্রীয় মন্ত্রীয়ে কয়, ২০২৩-২৪ত যাত্রীৰ সংখ্যা ৪০ কোটি কৰাৰ চেষ্টা কৰা হৈছে মন্ত্রণালয়ৰ তৰফৰ পৰা ।

বুধবাৰে লোকসভাত জ্যোতিৰাদিত্য সিন্ধিয়াই আৰু জনায়, নতুন ৩৩টা আভ্যন্তৰীন কার্গো টার্মিনেল তৈয়াৰ কৰা হ’ব । পাইলটসকলৰ বাবে ১৫টা নতুন বিমান প্রশিক্ষণ স্কুল স্থাপন কৰা হৈছে । লগতে চাকৰি দিয়াৰ প্ৰতিও লক্ষ্য ৰখা হৈছে । কেন্দ্রীয় মন্ত্রীয়ে জনাইছে, ১৩টা নতুন গ্রিনফিল্ড এয়াৰপ’র্ট স্থাপন কৰিব বিচাৰিছে অসামৰিক বিমান পৰিবহণ মন্ত্রণালয়ে । লগতে ভৱিষ্যতে হিমাচল প্রদেশ আৰু উত্তৰাখণ্ডৰ দৰে পার্বত্য অঞ্চলত হেলিকপ্টাৰ সেৱা আৰম্ভ হ’ব বুলিও তেওঁ জনায় ।

আজি মন্ত্রণালয়ৰ তৰফৰ পৰা কোৱা হয়, ২০১৪ পর্যন্ত দেশচ ৭৪টা বিমানবন্দৰ আছিল । বিগত সাত বছৰত ৬৬টা নতুন বিমানবন্দৰ স্থাপন কৰা হৈছে । ফলত বর্তমান সমগ্ৰ দেশত বিমানবন্দৰৰ সংখ্যা ১৪০টা । ইয়াৰ পাছতেই কেন্দ্রীয় মন্ত্রীয়ে কয়, ২০২৫ৰ ভিতৰত বিমানবন্দৰৰ সংখ্যা ২২০টা কৰাৰ টার্গেট লোৱা হৈছে । সেই মতে কাম আগুৱাই লৈ যোৱা হ’ব । সিন্ধিয়াই কয়, বিশ্বৰ অন্য দেশসমূহত মাত্র পাঁচ শতাংশ মহিলা পাইলট আছে, কিন্তু ভাৰতত ১৫ শতাংশৰো অধিক । এইটোৱে নাৰীৰ ক্ষমতায়নৰ উদাহৰণ ।

প্রসংগত, ৰাছিয়া-ইউক্রেইন যুদ্ধত (Russia-Ukraine War) ইউক্রেইনত আবদ্ধ হৈ আছিল অসংখ্য ভাৰতীয় শিক্ষাৰ্থী । ‘অপাৰেছন গংগা’ৰ জৰিয়তে তেওঁলোকক দেশত উভতাই অনা হৈছে । আজি সংসদত জ্যোতিৰাদিত্য সিন্ধিয়াই জনায়, ‘অপাৰেছন গংগা’ সফল কৰিবলৈ পাঁচখন দেশত ৯৫টা বিমান প্ৰেৰণ কৰিছিল ভাৰতে ।

Exit mobile version