তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত কেৱল লুণ্ঠন হৈছে : ভূপেন বৰা

b3ad79a2 72da 4954 a788 497361394d17

অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সভাপতি ভূপেন বৰা পশ্চিম কাৰ্বি আংলঙৰ ডংকামোকামত উপস্থিত হয় বুধবাৰৰ দিনটোত। ডংকামোকামৰ ব্লক কংগ্ৰেছ কাৰ্যালয়ত অনুষ্ঠিত হোৱা এখন দলীয় সভাত অংশ লৈ,”তুলিৰাম ৰংহাঙৰ নেতৃত্বত কাৰ্বি আংলঙত কেৱল লুণ্ঠন হৈছে, প্ৰাকৃতিক সম্পদৰ ছিণ্ডিকেট চলায় লুণ্ঠন কৰিছে, চৰকাৰী ধনৰ সৰাধ কৰাৰ লগতে উন্নয়নৰ ধন লুটপাত কৰিছে” বুলি এক গুৰুতৰ অভিযোগ উত্থাপিত কৰে।

মুঠতে বিজেপি চৰকাৰ আৰু তুলিৰামৰ বিৰুদ্ধে তীব্ৰ সমালোচনা কৰি অনাগত কাৰ্বি পৰিষদৰ নিৰ্বাচনত কাৰ্বি আংলঙত বিজেপিৰ বিজয়যাত্ৰা নাইকিয়া হব আৰু কংগ্ৰেছ দলেই কাৰ্বি পৰিষদীয় চৰকাৰ গঠন কৰিব বুলি দাবী কৰে ভূপেন বৰাই।

অনুষ্ঠিত সভাত শাসকীয় দলৰ অৰ্ধ শতাধিক লোকে নিজৰ দল ত্যাগ কৰি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰে। সভাত উপস্থিত থাকে ক্ৰমে প্ৰাক্তন মন্ত্ৰী অজিত সিং, খৰছিং ইংতি, অসম প্ৰদেশ কংগ্ৰেছ সমিতিৰ সাধাৰণ সম্পাদক ক্ৰমে গোলাপ শইকীয়া, মং-ৱে ৰংপি, নিৰ্মল লাংথাছা, প্ৰাক্তন পৰিষদীয় সদস্যা ইলিছ ইংতিপি, পশ্চিম কাৰ্বি আংলং জিলা কংগ্ৰেছ সভাপতি ছাৰ্থে ক্ৰামছা, জিলা যুৱ কংগ্ৰেছৰ অগষ্টীন ইংহিকে ধৰি দলীয় বহু সংখ্যক লোক।

Exit mobile version