ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনাচক্ৰ সম্পন্ন

a9922fb4 13b9 4f2d a522 3d30d4e25d02

ভাৰতবৰ্ষত সুদীৰ্ঘ ৩৪ বছৰ পাছত শিক্ষানীতিৰ সলনি কৰা হৈছে। ভাৰতৰাষ্ট্ৰত সম্প্ৰতি যিধৰণৰ শিক্ষাৰ প্ৰয়োজন হৈছে তেনেদৰেই সকলো শ্ৰেণীৰ বাবে গ্ৰহণযোগ্যকৈ ৰাষ্ট্ৰীয় শিক্ষিনীতি প্ৰস্তুত কৰা হৈছে। ৰাষ্ট্ৰীয় শিক্ষানীতি আজিৰ সময়ৰ আহ্বান।

এই শিক্ষানীতিৰ বিৰোধিতা নকৰি প্ৰযোজ্য কৰিবহে লাগিব। তেতিয়াহে শিক্ষা ব্যৱস্থাৰ জটিলতা আতঁৰি যাব। সকলো শিক্ষাৰ্থীয়ে নিজৰ ইচ্ছানুসৰি শিক্ষা গ্ৰহণ কৰিব পাৰিব।” এই মন্তব্য কৰে গুৱাহাটী বিশ্ববিদ্যালয়ৰ জ্যোষ্ঠ অধ্যাপক ড° দিলীপ বৰাই ।

আজি ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় শিক্ষানীতিৰ ওপৰত অনুষ্ঠিত এখন ৰাষ্ট্ৰীয় আলোচনাচক্ৰত নিমন্ত্ৰিত মুখ্য সমল ব্যক্তিৰ ভাষণত। ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ অধ্যক্ষ ড° মুকুন্দ শৰ্মাই সঞ্চালনা কৰা, মহাবিদ্যালয়খনৰ অধ্যাপকদ্বয় মোৱাৰক হুছেইন আৰু ৰাজু কুমাৰ দাসে আত ধৰা “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ : ইয়াৰ সম্ভাৱনীয়তা আৰু প্ৰত্যাহ্বান” শীৰ্ষক বিষয়বস্তুৰ ওপৰত অনুষ্ঠিত ৰাষ্ট্ৰীয় আলোচনাচক্ৰত আন এগৰাকী সমল ব্যক্তিৰূপে বক্তৃতা প্ৰদান কৰে কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ সহযোগী অধ্যাপক ড° মল্লিকা কলিতাই।

ড° মল্লিকা কলিতাই তেওঁৰ ভাষণত কয় যে , “ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ৰ ফলত শিক্ষা ক্ষেত্ৰখন সাংঘাটিক ধুনীয়া হ’ব। এই শিক্ষানীতিৰ ফলত দেশৰ ছাত্ৰ – ছাত্ৰীয়ে নিজৰ প্ৰতিভাৰে সম্পদ হ’ব।শিক্ষাত নতুন দিগন্ত,সমমৰ্যদা প্ৰতিষ্ঠা হ’ব”।

ড° কলিতাই তেওঁৰ তাৎপৰ্যপূৰ্ণ ভাষণত কয় যে , “ভাৰতবৰ্ষত আজিও দুই কোটি ছাত্ৰ – ছাত্ৰী স্কুলৰ বাহিৰত আছে। তেনেদৰে ভাৰতবৰ্ষত আজিও পাচ কোটি ল’ৰা -ছোৱালীয়ে নিজৰ নামটোৱেই লিখিব নোৱাৰা হৈ আছে। এনেধয়ণৰ দুৰৱস্থা ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০য়ে আতৰ কৰি দেশৰ সকলোকে শিক্ষিত কৰি তুলিব। “

আলোচনাচক্ৰৰ আন এগৰাকী সমল ব্যক্তি কুমাৰ ভাস্কৰ বৰ্মা সংস্কৃত আৰু পৌৰাণিক অধ্যয়ন বিশ্ববিদ্যালয়ৰ পৰীক্ষা নিয়ন্ত্ৰক ড° সুশান্ত কুমাৰ কাশ্যপে তেওঁৰ ভাষণত কয় যে , “আমাৰ দেশৰ শিক্ষা ব্যৱস্থা সমাজৰ কামত ব্যৱহাৰ হ’ব লাগে। কিন্তু আমাৰ শিক্ষা ব্যৱস্থা বহু ত্ৰুতিপূৰ্ণ আছিল।শিক্ষা শেষ কৰাৰ পিছত আমি কি কৰিম তাৰ কোনো নিশ্চয়তা নাই। কিন্তু এইবাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি ২০২০ত শিক্ষা গ্ৰহণৰ পিছত নিশ্চয়তা থাকিব। গতিকে এইবাৰৰ ৰাষ্ট্ৰীয় শিক্ষানীতি আদৰণীয় পদক্ষেপ বুলি সহজতে ক’ব পাৰি। “

উল্লেখ্য যে ৰাষ্ট্ৰীয় আলোচনাচক্ৰখনত আৰম্ভণিতে বন্তি প্ৰজ্বলন কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ উপাধ্যক্ষ ড° আব্দুছ ছালামে আৰু উদ্বোধনী ভাষণ দিয়ে মহাবিদ্যালয়খনৰ গভৰ্ণিং ব’ডিৰ সভাপতি ধৰণীধৰ তালুকদাৰে। অংশগ্ৰহণকাৰী সকলৰ মাজত প্ৰমাণ পত্ৰ বিতৰণ কৰে ভৱানীপুৰ আঞ্চলিক মহাবিদ্যালয়ৰ সহকাৰী অধ্যাপক নয়ন কলিতাই।সামৰণি বক্তৃতা প্ৰদান কৰে আলোচনাচক্ৰৰ সমন্বয়ক – অধ্যাপক ড° বদৰুজ জামান খানে।

Exit mobile version