মাত্ৰ এবছৰতে কাটিলে ৩১ লাখ গছ

দেশত উন্নয়নমূলক আঁচনি ৰূপায়ণৰ নামত পৰিৱেশতন্ত্ৰলৈ উদ্বেগজনক ভাবুকি

government gave orders to cut 10975844 trees in last 5 years for development 1564226048

উন্নয়নৰ সমান্তৰালভাৱে পৰিৱেশ সংৰক্ষণত গুৰুত্ব নিদিলে পৃথিৱী বিপদৰ সন্মুখীন হ’ব । এই দূয়োটা বিষয়কে পিছুৱাই ৰাখিলে সভ্যতাৰ অগ্ৰগতি সম্ভৱ নহয় । অথচ উন্নয়নৰ নামত আমাৰ দেশত গ্ৰহণ কৰা আন্তঃগাথঁনি নিৰ্মাণকে আদি কৰি বিভিন্ন কাম-কাজত পৰিৱেশ সংৰক্ষণৰ বিষয়টোত কিমান গুৰুত্ব দিয়া হৈছে ? এই পৰিস্থিতিতে ২০২০-২১ বৰ্ষত দেশত গছ কটাৰ পৰিসংখ্যা ফহিয়াই চাব পাৰি ।

চৰকাৰী পৰিসংখ্যা মতে এই এটা বছৰত প্ৰায় ৩১ লাখ গছ কটা হৈছে । লোকসভাত সম্প্ৰতি এই তথ্য সদৰী কৰে কেন্দ্ৰীয় মন্ত্ৰী ভূপেন্দ্ৰ যাদৱে । তেওঁ লগতে কয় যে জনস্বাৰ্থ জড়িত প্ৰকল্পৰ বাবেই এই গছবোৰ কটা হৈছে । এই ক্ষেত্ৰত ৰাজ্যসমূহৰ যি নিয়ম-নীতি আছে সেয়া মানি চলাৰ উপৰি আদালতৰ নিৰ্দেশনা মানি চলা হৈছে বুলি লোকসভাত সদৰী কৰা হৈছে ।

তদুপৰি বন সংৰক্ষণ আইন অনুসৰি এই ধৰণৰ কামত প্ৰয়োজনীয় অনুমতি সেয়াও আগতীয়াকৈ লোৱা হৈছে । অৰ্থাৎ সকলো পক্ষৰ অনুমোদনৰ পাছতে উন্নয়নী প্ৰকল্পৰ বাবে গছবোৰ কটা হৈছে । এই তালিকাত শীৰ্ষ স্থানত আছে মধ্যপ্ৰদেশ । ৰাজ্যখনত উল্লেখিত সময়ছোৱাত ১৬ লক্ষাধিক গছ কটা হৈছে । দ্বিতীয় স্থানত উত্তৰপ্ৰদেশত তিনি লক্ষাধিক, তৃতীয় স্থানত ওড়িছাত দুই লক্ষাধিক গছ কটা হৈছে ।

এতিয়া প্ৰশ্ন উত্থাপন হৈছে সম সংখ্যক গছ, বৃক্ষ ৰোপণ কৰা হৈছে নে ? তাৰ উত্তৰত মন্ত্ৰীয়ে কয় যে এই একে সময়ছোৱাতে ৩৬ লাখ বৃক্ষ ৰোপণ কৰা হৈছে আৰু ইয়াৰ বাবে ৩৫৯ কোটি টকা ব্যয় কৰা হয় । বনানীকৰণৰ ব্যয়ত দেশৰ ভিতৰতে শীৰ্ষত আছে গুজৰাট । উত্তৰাখণ্ড আৰু হাৰিয়ানাও এই ক্ষেত্ৰত যথেষ্ট আগুৱাই আছে । চৰকাৰীভাৱে এই তথ্য প্ৰকাশ কৰিলেও দেশজুৰি অবৈধভাৱে গছ কটাৰ তথ্য‌ও প্ৰকাশিত হয় ।

উদাহৰণস্বৰূপে মহাৰাষ্ট্ৰত বিগত চাৰি বছৰত দুই লক্ষাধিক গছ কটা হৈছে আৰু ইয়াকে লৈ কে’বাহেজাৰ অভিযোগ ৰাজ্য চৰকাৰৰ ওচৰত জমা হৈছে । মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই অলপতে এক প্ৰশ্নৰ উত্তৰত এই তথ্য সদৰী কৰে । পৰিৱেশ আৰু উন্নয়ন ওতঃপ্ৰোতভাৱে জড়িত । নিৰ্দিষ্ট নীতি-নিয়মৰ মাজেৰে বিষয়টো মোকাবিলা কৰিলে ভাৰসাম্য ৰক্ষা হ’ব পাৰে ।

বিশ্বজুৰি প্ৰদূষণে ভয়াৱহ ৰূপ ধাৰণ কৰাৰ ফলত মানৱ সভ্যতাত জোকাৰণিৰ সৃষ্টি হৈছে । কাৰ্বন নিৰ্গমন শূণ্য কৰা প্ৰকল্প বাস্তৱায়িত কৰিবলৈ নানা চেষ্টা চলিছে । গোলকীয় উষ্ণতাৰ বাবে ইতিমধ্যে প্ৰকৃতিত নানা অভাৱনীয় ঘটনা সংঘটিত হৈছে । আগন্তুক সময়ত পৰিৱেশ যাতে ভয়াৱহ নহয় তাৰ বাবে বিশ্বজুৰি চেষ্টা চলিলেও একাংশই এনে নীতি-নিয়ম ভৰিৰে মোহাৰি পেলাবলৈ চেষ্টা চলাইছিল ।

Exit mobile version