Jammu and Kashmir : পাকিস্তান ভ্ৰমণ কৰি কাশ্মীৰ বিতৰ্কত মন্তব্য চীনা বৈদেশিক মন্ত্ৰীৰ,প্ৰতিবাদ ভাৰতৰ

1648056539 s jaish

কাশ্মীৰ বিতৰ্কত পুনৰ সুৰত সুৰ মিলাই ভাৰতক চাপত ৰখাৰ কৌশল অৱলম্বন কৰিলে চীনে । ভাৰতে তেওঁৰ পাকিস্তান ভ্ৰমণৰ সময়ত চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়িৰ বিতৰ্কিত মন্তব্যক তীব্ৰ সমালোচনা কৰিছে ।

বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ মুখপাত্ৰ অৰিন্দম বাগচীয়ে বুধবাৰে কয়, “কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু-কাশ্মীৰৰ স’তে সম্পৰ্কিত বিষয়সমূহ সম্পূৰ্ণৰূপে ভাৰতৰ আভ্যন্তৰীণ বিষয় । চীনকে ধৰি আন দেশসমূহৰ এই বিষয়ত মন্তব্য দিয়াৰ কোনো অধিকাৰ নাই । তেওঁলোকে মনত ৰাখিব লাগে যে ভাৰতে তেওঁলোকৰ আভ্যন্তৰীণ বিষয়ত মতামত প্ৰকাশ নকৰে ।”

মুছলমান দেশসমূহৰ সংগঠন পাকিস্তানত ইছলামিক সহযোগিতা সংগঠনৰ উদ্বোধনী সন্মিলনত ভাষণ দি ৱাঙে কাশ্মীৰ সমস্যাৰ কথা উল্লেখ কৰি কয়, “কাশ্মীৰ সন্দৰ্ভত আমি আজি পুনৰ আমাৰ বহু মুছলমান বন্ধুৰ আহ্বান শুনিছো । চীনো তেওঁলোকৰ আশাৰ স’তে সন্মত । যোৱা বছৰ ৱাঙৰ স’তে হোৱা বৈঠকৰ পাছত, ভাৰতৰ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰেও কাশ্মীৰক ভাৰতৰ আভ্যন্তৰীণ বিষয় বুলি অভিহিত কৰিছিল ।

Exit mobile version