এবাৰ নহয়, দুবাৰ মৃত্যুৰ পৰা হাত সাৰিল কেৰালাৰ এটি শিশু !

চাওক ভাইৰেল ভিডিঅ'

b0lt1lvo kerala boy escapes death

কেৰালাৰ এটি শিশু এবাৰ নহয়, দুবাৰ হাত সাৰিল মৃত্যুৰ পৰা । মাত্র কিছু ছেকেণ্ডত, আঠ বছৰীয়া শিশুটি এটা মোটৰচাইকেলেৰে গুৰুতৰ আহত হোৱাৰ পৰা আৰু বাছে মহতিয়াৰ পৰা কথমপি ৰক্ষা পৰিল ।

এই সম্পূৰ্ণ ঘটনাৰ ভিডিঅ’ চিচিটিভিত ধৰা পৰে আৰু ইয়াৰে এটা সৰু ক্লিপ ইন্টাৰনেটত ভাইৰেল হৈ পৰিছে । টুইটাৰ আৰু অন্যান্য সামাজিক মাধ্যমত ভিডিঅ’টো সহস্ৰাধিকবাৰ প্লে হৈছে । শিশুটি সামান্য ক্ষত হৈ পলাই যায়, কিন্তু তাৰ চাইকেলখনক বাছে মহতিয়ায় ।

১৫ ছেকেণ্ডৰ ভিডিঅ’টোত দেখা যায় যে শিশুটি তাৰ চাইকেলেৰে এটা ব্যস্ত পথৰ দিশে দ্রুত গতিত আহিছে । সি এটা মোটৰচাইকেলত খুন্দা খাই চাইকেলৰ পৰা ছিটিকি পথৰ দাঁতিত পৰি যায়, ঠিক সেই সময়তেই ৰাজ্যিক পৰিবহনৰ এখন বাছ শিশুটিৰ চাইকেলৰ ওপৰেদি চলি যায় ।

তাৰ পাছতেই বাছ আস্থানৰ পাছফালৰ পৰা এখন বগা গাড়ি আহে আৰু কে’বাজনো লোক শিশুটিৰ দিশে দৌৰি আহে, তেতিয়ালৈকে শিশুটি উঠে আৰু আঘাতৰ বাবে তাৰ হাত আৰু ভৰিত চায় ।

শিশুটিৰ সংকীর্ণ পলায়নে সামাজিক মাধ্যম ব্যবহাকাৰীৰ হতবাক কৰিছে ।

এজন টুইটাৰ ব্যৱহাৰকাৰীৰ মন্তব্য, “আমাৰ শিশুসকলক পথত চাইকেল চলোৱাৰ সময়ত ট্রাফিক নিয়ম শিকাব লাগিব ।”

“সি অতি ভাগ্যৱান যে ৰক্ষা পৰিল এইটো তাৰ ভুল আছিল,” আন‌ এজনৰ মন্তব্য ।

স্থানীয় সংবাদ মাধ্যমৰ প্রতিবেদন অনুযায়ী, দেওবাৰে সন্ধিয়া ৪.৩০ বজাত কেৰালাৰ কন্নুৰৰ তালিপাৰম্বাৰ কাষত চৰুক্কালাত ঘটনাটো সংঘটিত হৈছে ।

ইটিভি তেলংগানাৰ এটা প্রতিবেদনত কোৱা হৈছে যে শিশুটিৰ পৰিয়ালে তাক নতুন চাইকেলখন উপহাৰ দিছে । প্রতিবেদনত আৰু কোৱা হৈছে, হঠাৎ নিয়ন্ত্রণ হেৰুৱাই পথত গুচি যায় ।

Exit mobile version