চিথিলাত কোচৰাজবংশী লোকনৃত্যৰ তিনি দিনীয়া কৰ্মশালা

WhatsApp Image 2022 03 25 at 5.58.07 PM

আজি কোকৰাঝাৰ জিলাৰ চিথিলাৰ ভূৱননগৰত কোচৰাজবংশী ফল্ক ট্ৰুপৰ উদ্যোগত আৰু ভূৱননগৰ ৰাইজৰ সহযোগত কোচৰাজবংশী লোকনৃত্যৰ তিনি দিনীয়া কৰ্মশালা অনুষ্ঠিত কৰা হয় । আজিৰে পৰা আৰম্ভ হোৱা কোচৰাজবংশী লোক নৃত্যৰ কৰ্মশালাৰ উদ্বোধন কৰে ভূৱননগৰ গাঁৱৰ বিশিষ্ট ব্যক্তি ৰবিন্দ্ৰ নাথ ৰায়ে ।

উক্ত কৰ্মশালাত প্ৰশিক্ষক হিচাপে উপস্থিত থাকে জয়মতী ৰায় আৰু অনুকুল ৰায় । উক্ত কৰ্মশালাত ভূৱননগৰ অঞ্চলৰ অৰ্ধ শতাধিক প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ।

আজি কৰ্মশালাৰ আৰম্ভণি অনুষ্ঠানত উপস্থিত থাকে ভূৱননগৰ গাঁৱৰ গাঁওবুঢা লক্ষী বৰ্মন, কোচৰাজবংশী ফল্ক ট্ৰুপৰ সভাপতি হিৰন্ময় ৰায়ৰ লগতে উক্ত অঞ্চলৰ ৰাইজ ।

Exit mobile version