বিজেপিৰ ‘আতংক’ত একেলগে হোটেলত কটাব বিৰোধী বিধায়কে

তত্বাৱধানৰ বাবে দিল্লীৰ পৰা আহিব কেন্দ্ৰীয় নেতা জিতেন্দ্ৰ সিং

Jitendra Singh 12

বিজেপি তথা শাসক পক্ষৰ আতংকত কঁপিছে বিৰোধী শিবিৰ । সেয়েহে ৰাজ্যসভাৰ নিৰ্বাচনৰ পূৰ্বে বিৰোধীৰ কোনো এজন বিধায়ককে যাতে বিজেপিয়ে ঢুকি নাপায় তাৰ বাবে তেওঁলোকক হোটেলত আবদ্ধ কৰাৰ চিন্তা-চৰ্চা চলিছে । অন্ততঃ ২৯ আৰু ৩০ মাৰ্চত সকলো বিধায়ককে হোটেলত একেলগে ৰাখি ৩১ মাৰ্চত একত্ৰিত হৈ ভোটদানৰ বাবে বিধানসভালৈ ওলাই আহিব ।

অৱশ্যে এই ক্ষেত্ৰত চূড়ান্ত সিদ্ধান্ত গ্ৰহণ কৰিব নিখিল ভাৰত কংগ্ৰেছ কমিটী (এআইচিচি)ৰ সাধাৰণ সম্পাদক তথা অসম প্ৰদেশ কংগ্ৰেছৰ তত্বাৱধায়ক জীতেন্দ্ৰ সিঙে । অহা ২৭ মাৰ্চত সিং গুৱাহাটীলৈ আহিব । সেইদিনাই সিঙে নিজৰ দলৰ বিধায়কৰ লগতে বিৰোধীৰ বিধায়কসকলৰ লগতো আলোচনাত মিলিত হ’ব ।

কংগ্ৰেছ বিধায়িনী দলৰ সূত্ৰ‌ই সদৰী কৰা অনুসৰি কে’বাজনো বিধায়কে নিৰ্বাচনৰ আগমুহূৰ্তলৈ অন্ততঃ সকলোৱে একেলগে থকাৰ পোষকতা কৰিছে । যদিহে তত্বাৱধায়ক সিঙে ভাবে যে একেলগে থকাৰ প্ৰয়োজনীয়তা আছে তেন্তে সেয়াই হ’ব । সূত্ৰটোৱে জনোৱা মতে, কংগ্ৰেছৰ পৰা হোটেল চোৱা-চিতাও অব্যাহত আছে ।

খানাপাৰাৰ গ্ৰীণ‌উড ৰিজ’ৰ্টৰ কথা বিবেচনা কৰা হৈছে । অৱশ্যে বেছিভাগ বিধায়কে বিধানসভাৰ ওচৰে-পাজৰে কোনো ভাল হোটেলত থকাৰ কথা উনুকিয়াইছে । সেই সূত্ৰে ছাৰ্ভেস্থিত ‘ৰয়েল দ্য কাছা’ৰ নাম চৰ্চালৈ আহিছে । উল্লেখ্য যে যোৱা বিধানসভা নিৰ্বাচনৰ ফলাফল ঘোষণাৰ আগমুহূৰ্ততো বিজেপিয়ে কাঢ়ি নিয়াৰ আশংকাত কংগ্ৰেছৰ সকলো প্ৰাৰ্থীক মহানগৰীৰ পাৰ্শ্বৱৰ্তী সোণাপুৰৰ এখন বিলাসী ৰিজ’ৰ্টত কে’বাদিনো আবদ্ধ কৰি ৰখা হৈছিল ।

ৰাজ্যসভা নিৰ্বাচনৰ বাবে বিৰোধীৰ বিধায়কক হোটেলত আবদ্ধ কৰি ৰখাৰ সন্দৰ্ভত বিধায়ক তথা প্ৰদেশ কংগ্ৰেছ কমিটীৰ কাৰ্যকৰী সভাপতি জাকিৰ হুছেইন শিকদাৰে স্পষ্টকৈ কোনো মন্তব্য নকৰিলেও ইংগিতেৰে যেন সেয়াই কয় । শিকদাৰে কয়, ‘ম‌ই এইবোৰতো একো নেতিবাচক দিশ বিচাৰি নাপাওঁ । আমি ৰাজনীতি কৰা সকল বছৰৰ ৩৬৫ দিনেই সমাজৰ কামত ব্যস্ত থাকো । আমাৰো মনৰ কথা পাতিবলৈ মন যায় । গতিকে দুটা দিন যদি ক’ৰবাত থাকি মনৰ কথা খুলি ক’ব পাৰো তাত আপত্তি কৰিবলগীয়া নাই । আহি থকা দিনবোৰত হয়তো ক’ৰবাত থাকিব পাৰো ।’

উল্লেখ্য যে দ্বিতীয় আসনখনত জয়লাভৰ বাবে ৪২টা ভোটৰ প্ৰয়োজন । দাবী কৰা অনুসৰি বিৰোধীৰ হাতত বৰ্তমান আছে ৪৩টা ভোট । গতিকে এই ক্ষেত্ৰত কোনো ৰিস্ক ল’ব বিচৰা নাই কংগ্ৰেছে ।

মিঠাই বিতৰণ বৰাৰ

ইপিনে, ব্যতিক্ৰমী কৌশলেৰে নিজৰ নিৰ্বাচনী প্ৰচাৰ চলাইছে বিৰোধী প্ৰাৰ্থী ৰিপুন বৰাই । যোৱা নিশাৰ পৰা বৰাই বিৰোধীৰ বিধায়কসকলৰ চৰকাৰী আৱাসে আৱাসে গৈ মিঠাইৰ টোপোলা আগবঢ়াই তেওঁক ভোট দিবলৈ অনুৰোধ জনায় । কালাকান্দ, কাজু বৰফি আদি মিঠাইৰে বন্ধা টোপোলা আগবঢ়োৱা সন্দৰ্ভত বৰাই কয়, ‘মিঠাই বহুতে নাখায় । তথাপি ম‌ই মিঠাই আগবঢ়াইছো । কাৰণ মিঠাই হ’ল প্ৰেমৰ প্ৰতীক । আমাৰ কাম-কাজো যাতে মিঠা হয় তাৰ বাবেই ম‌ই মিঠাই আগবঢ়াইছো । আগতে এনে নিয়ম নাছিল । ম‌ই এটা নতুন পৰম্পৰাৰ আৰম্ভণি কৰিব বিচাৰিছো ।’

Exit mobile version