বিধায়কৰ পেঞ্চন সন্দৰ্ভত গুৰুত্বপূৰ্ণ সিদ্ধান্ত পঞ্জাৱৰ মুখ্যমন্ত্রী মানৰ

bd9f6be83003ca88252ef713cbf57b80

পঞ্জাৱত বিধায়কৰ পেঞ্চন নীতিৰ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ সিদ্ধান্ত ল’লে ভগৱন্ত মানৰ চৰকাৰে । মুখ্যমন্ত্ৰী মানে ৰাজ্যখনৰ বিধায়কৰ পেঞ্চনৰ নীতি সলনি কৰিবলৈ নিৰ্দেশ দিলে । এতিয়াৰে পৰা পঞ্জাৱত বিধায়কসকলে এবাৰহে পেঞ্চন লাভ কৰিব ।

উল্লেখ্য যে পূৰ্বে যিমানবাৰ এজন ব্যক্তি বিধায়ক নিৰ্বাচিত হৈছিল, সিমানবাৰ পেঞ্চনৰ ধন সংযোজিত কৰা হৈছিল । কিন্তু এতিয়াৰে পৰা ৰাজ্যখনত ‘এজন বিধায়ক, এক পেঞ্চন’ নীতিৰ অধীনত বিধায়কে একাধিকবাৰ নিৰ্বাচিত হ’লেও এবাৰৰ পেঞ্চনহে লাভ কৰিব ।

এই সিদ্ধান্তৰ কথা ঘোষণা কৰি মুখ্যমন্ত্ৰীয়ে কয় যে নতুন পেঞ্চন নীতিৰ ফলত ৰাজকোষত ধন ৰাহি হ’ব আৰু এই ধন পঞ্জাৱবাসীৰ উন্নয়নত ব্যয় কৰা হ’ব ।

Exit mobile version