সাওঁৰাচৰা গাঁৱৰ নৈপৰীয়া ৰাইজৰ হাহাকাৰ

নিদ্ৰা হৰণ কৰিছে গৰাখহনীয়াই

সাওঁৰাচৰা গাঁৱৰ নৈপৰীয়া ৰাইজৰ নিদ্ৰা হৰণ কৰিছে বেঁকী নদীৰ বিধ্বংশী গৰাখহনীয়াই । খৰালিতো গৰাখহনীয়াৰ কৱলত কৃষিভূমি, গৃহহীন প্ৰায় ২৫ টা পৰিয়াল ।

বৰপেটা জিলাৰ কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত সাওঁৰাচৰা পাথাৰ গাঁৱত খৰালিৰ দিনতো বেঁকী নদীৰ গৰাখহনীয়াই কালৰূপ ধাৰণ কৰিছে । গৰাখহনীয়াৰ ফলত নৈপৰীয়া লোকৰ ঘৰ, কৃষিভূমি সকলো বেঁকী নদীৰ বুকুত জাহ গৈছে ।

নৈৰ কৰাল গৰাখহনীয়াৰ কৱলত পৰি গৃহহীন হৈছে ২৫ টাকৈ পৰিয়াল । নৈখনৰ গৰাখহনীয়াত বিঘাই বিঘাই মাকৈ, মাটিমাহ, জলকীয়া, সৰিয়হ আদি খেতি নদীৰ বুকুত জাহ যোৱাৰ ফলত খেতিয়কৰ মাজতো হাহাকাৰৰ সৃষ্টি হৈছে । অংগনৱাড়ী কেন্দ্ৰকে ধৰি কে’বাটাও অনুষ্ঠান নদীৰ বুকুত জাহ গৈছে‌ ।

ৰাইজে চৰকাৰ আৰু স্থানীয় জনপ্ৰতিনিধিৰ ওচৰত গৰাখহনীয়াৰ স্থায়ী প্ৰতিৰোধ আৰু পুনৰ সংস্থাপনৰ দাবী জনাইছে ।

Exit mobile version