Protin Consumption: প্ৰতি দিনে কিমান প্ৰ’টিন খোৱাৰ প্ৰয়োজন ?অত্যাধিক খালে হ’ব পাৰে নেকি বিপদ!

1648194326 whatarethebestfoodstohelpmytoddlergainweight bysarahalmondbushell thechildrensnutritionist

প্ৰ’টিন হৈছে শৰীৰৰ এক অত্যাৱশ্যকীয় পুষ্টি। শৰীৰৰ যত্ন ল’বলৈ, ৰক্ত শৰ্কৰাৰ ভাৰসাম্য বজাই ৰাখিবলৈ, এষ্ট্ৰোজেন আৰু স্বাস্থ্যকৰ থাইৰইডৰ হৰমনৰ বাবে, শৰীৰৰ সামগ্ৰিক সুস্থতাৰ বাবে শৰীৰক পৰ্যাপ্ত প্ৰ’টিনৰ প্ৰয়োজন।

প্ৰ’টিনৰ অভাৱৰ ফলত শাৰীৰিক ৰোগ বৃদ্ধি হ’ব পাৰে। পেশীবোৰ শক্তিশালী কৰিবলৈ পৰ্যাপ্ত প্ৰ’টিনৰ প্ৰয়োজন। ওজন নিয়ন্ত্ৰণত ৰাখিবলৈ প্ৰ’টিন গুৰুত্বপূৰ্ণ।

যিসকলে ওজন হ্ৰাস কৰিব বিচাৰে আৰু ক্ষীণ হ’ব বিচাৰে তেওঁলোকে প্ৰতিদিনে আহাৰত প্ৰ’টিন সমৃদ্ধ খাদ্য খাব লাগে। প্ৰ’টিন সমৃদ্ধ খাদ্যই দীঘলীয়া সময়ৰ বাবে পাকস্থলী ভৰ্তি ৰখাত সহায় কৰে। ফলস্বৰূপে, প্ৰ’টিনসদৃশ খাদ্য খোৱাৰ ফলত বাৰে বাৰে খাদ্য খোৱাৰ প্ৰৱণতাও নাইকিয়া হ’ব।

অৱশ্যে, কিমান প্ৰ’টিন খাব লাগে সেয়া শৰীৰৰ ওজন, উচ্চতা, শাৰীৰিক স্থিতি, বয়সৰ ওপৰত নিৰ্ভৰ কৰে। প্ৰ’টিন খোৱাৰ প্ৰয়োজনীয়তাৰ অৰ্থ হৈছে যে কোনো নিয়ম অনুসৰণ নকৰাকৈ প্ৰ’টিন খালে বিপৰীত হ’ব পাৰে।

স্বাস্থ্যৱান আৰু স্বাভাৱিক ওজনৰ প্ৰাপ্তবয়স্ক পুৰুষ আৰু মহিলাৰ বাবে, তেওঁলোকে প্ৰতিদিনে ক্ৰমান্বয়ে ৫০-৬০ গ্ৰাম আৰু ৭০-৮০ গ্ৰাম প্ৰ’টিন গ্ৰহণ কৰিব পাৰে। গৰ্ভৱতী মহিলা বা যিসকলে তেওঁলোকৰ সন্তানক স্তন্যপান কৰায় তেওঁলোকক অধিক পৰিমাণৰ প্ৰ’টিনৰ প্ৰয়োজন।

ইয়াৰ উপৰিও, যিসকলে নিয়মীয়াকৈ ব্যায়াম কৰে বা শাৰীৰিক দুৰ্বলতা আছে তেওঁলোকে পুষ্টিবিদৰ পৰামৰ্শ অনুসৰি সঠিক পৰিমাণৰ প্ৰ’টিন সমৃদ্ধ খাদ্যখাব পাৰে।

প্ৰ’টিন সমৃদ্ধ খাদ্য প্ৰতিদিনে আহাৰত ৰখাটো প্ৰয়োজনীয়। ৰাতিপুৱা কেইবিধমান প্ৰ’টিন সমৃদ্ধ খাদ্য যেনে কণী, বিভিন্ন ঋতুগত ফলৰ স’তে আৰম্ভ কৰক। বাকী দিনটোৰ বাবে, খাদ্যত সামান্য পৰিমাণৰ হ’লেও যাতে প্ৰ’টিন থাকে।

Exit mobile version