ইউক্ৰেইনত অবাধ লুণ্ঠন ৰুছ সেনাৰ, খাদ্য দৰৱৰ ভয়াৱহ সংকট

1148c2536c16b79bea373850dacb22b5 original

ৰাছিয়া আৰু ইউক্রেইনৰ মাজত বিগত এমাহ ধৰি অব্যাহত আছে ভয়াৱহ যুদ্ধ । ইতিমধ্যে ৰাষ্ট্ৰসংঘৰ আন্তৰ্জাতিক আদালতে যুদ্ধ বন্ধ কৰিবলৈ ৰুছ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনক নিৰ্দেশ দিছে । কিন্তু ইয়াৰ পাছতে ৰাছিয়াই আক্ৰমণ অব্যাহত ৰাখিছে ।

ৰুছ সেনাৰ বিৰুদ্ধে লুটপাত চলোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিলে খেৰচানৰ বাসিন্দাই । চহৰখনৰ বহু বাসিন্দাই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত অভিযোগ কৰা অনুসৰি, পুটিনৰ সেনা বাহিনীয়ে অবাধে লুণ্ঠন চলাইছে । ৰাছিয়াই যুদ্ধ ঘোষণা কৰাৰ ৩২ দিন অতিবাহিত হ’ল যদিও এতিয়ালৈকে কীভ দখল কৰিবলৈ ৰুছ সেনা সফল হোৱা নাই ।

অৱশ্যে কালি ৰুছ সেনা বাহিনী শ্লাভুতিছ চহৰখন নিজৰ দখলত লয় । চহৰ দখলৰ লগতে শ্লাভুতিছৰ মেয়ৰকো ৰুছ সেনাই অপহৰণ কৰাৰ অভিযোগ উত্থাপিত হৈছে । আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত প্ৰকাশ পোৱা অনুসৰি যোৱা ২১ মাৰ্চৰ পৰা খেৰচানত ৰুছ সেনাই লুটপাত চলাই আহিছে ।

ইফালে, খাদ্য আৰু দৰৱৰ প্ৰচুৰ অভাৱৰ ফলত সাধাৰণ নাগৰিকৰ বাবে জীৱন দুৰ্বিষহ হৈছে । একাংশ নাগৰিকে অভিযোগ কৰা অনুসৰি ৰুছ সেনাই তেওঁলোকক মাৰপিট কৰিছে ।

Exit mobile version