Russia-Ukraine War : ফ্রান্সত আশ্রয় লৈছে ৩০ হেজাৰ ইউক্রেইনীয় শৰণার্থীয়ে ! ভিৰ বাঢ়িছে স্পেইন, পর্তুগালতো

1648447322 refugees

ইউক্রেইনত ৰুছ সেনাৰ অভিযানে ক্রমশ চাপ বৃদ্ধি কৰিছে ইউৰোপৰ ওপৰত । পোলেণ্ড, হাংগেৰী, ৰোমানিয়া, শ্লোভাকিয়া, মলডোভাৰ সীমান্ত পাৰ হৈ শৰণার্থীৰ ঢৌ আহিছে পশ্চিম ইউৰোপত । ইয়াক ‘পশ্চিম ইউৰোপৰ সংকটময় সময়’ বুলি চিহ্নিত কৰিছে মানৱাধিকাৰ কর্মচাৰীসকলে । এই সমস্যা কেনেদৰে নিয়ন্ত্ৰণ কৰিব পৰা যাব, তাক লৈ আলোচনা চলিছে ইউৰোপীয় ইউনিয়নত ।

ফ্রান্সৰ গৃহ আৰু আবাসনমন্ত্রী এমানুৱেল ৱাৰগনে দেওবাৰে কয়, ‘‘এই পর্যন্ত ইউক্রেইনৰ পৰা ৩০ হেজাৰৰো অধিক শৰণার্থী আমাৰ দেশত আহিছে । তেওঁলোকক আশ্রয় আৰু খাদ্য সৰবৰাহৰ বাবে আমি প্রয়োজনীয় ব্যৱস্থা গ্ৰহণ কৰিছো ।’’ ইউক্রেইনীয় শৰণার্থীসকলৰ ভিতৰত প্রায় অর্ধেকেই ফ্রান্স হৈ স্পেইন আৰু পর্তুগালত গৈছে বুলিও জনাইছে ৱাৰগনে ।

তেওঁ কয়, ‘‘আমি আপৎকালীন পৰিস্থিতিত এক লাখ শৰণার্থীৰ আশ্রয় আৰু খাদ্যৰ ব্যৱস্থা কৰাৰ প্রস্তুতি কৰিছো ।’’

বিগত ২৪ ফেব্রুৱাৰীত ৰাছিয়াৰ ৰাষ্ট্ৰপতি ভ্লাদিমিৰ পুটিনে ইউক্রেইনৰ বিৰুদ্ধে সামৰিক অভিযানৰ ঘোষণা কৰিছিল । যুদ্ধৰ প্রথম দুদিনতেই ইউক্রেইন ত্যাগ কৰিছিল প্রায় ৫০ হেজাৰ লোকে । ২৭ ফেব্রুৱাৰীত ৰাষ্ট্ৰসংঘৰ শৰণার্থী সংক্রান্ত বিভাগে (ইউএনএইচচিআৰ) এই ঘটনাত উদ্বেগ প্রকাশ কৰি জনাইছিল, যুদ্ধ দীর্ঘস্থায়ী হ’লে ৫০ লাখ লোকে ইউক্রেইন ত্যাগ কৰিব পাৰে । ফলত ইউৰোপত নতুনকৈ শৰণার্থী সংকট সৃষ্টি হোৱাৰ শংকাই দেখা দিছে ।

দেওবাৰে, যুদ্ধৰ ৩২তম দিনত ইউএনএইচচিআৰ প্রকাশিত তথ্য‌ই জনাইছে, এই পর্যন্ত যুদ্ধবিধ্বস্ত ইউক্রেইন ত্যাগ কৰিছে প্রায় ৩৯ লাখ লোকে । তেওঁলোকৰ ভিতৰত ২২ লক্ষৰো অধিকে লোকে আশ্রয় লৈছে পোলেণ্ডত ।

Exit mobile version