পঞ্জাৱবাসীক ঘৰতে ৰেচনৰ যোগান ধৰিব মান চৰকাৰে

Bhagwant Mann 1648270169688 1648270170021

পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে সোমবাৰে এক বৃহৎ ঘোষণা কৰিলে । এতিয়াৰে পৰা পঞ্জাৱবাসীয়ে ঘৰতে থাকি চৰকাৰৰ সুলভ মূল্যৰ ৰেচন সামগ্ৰীৰ যোগান লাভ কৰিব ।

আপৰ নেতা তথা মুখ্যমন্ত্ৰী মানে এই ঘোষণা কৰি কয় যে তেওঁৰ চৰকাৰে পঞ্জাৱৰ দৰিদ্ৰ বাসিন্দাসকলক ঘৰে ঘৰে ৰেচনৰ যোগান ধৰিব ।

উল্লেখ্য যে আম আদমি পাৰ্টি (আপ)য়ে পঞ্জাৱ বিধানসভাৰ সদ্যসমাপ্ত নিৰ্বাচনত শ্ৰতিশ্ৰুতি দিছিল যে দলে চৰকাৰ গঠন কৰিলে পঞ্জাৱবাসীক ঘৰতে চৰকাৰী ৰেচন যোগান ধৰা হ’ব ।

মানে এই সিদ্ধান্তৰ কথা ঘোষণা কৰি কয় যে তেওঁৰ চৰকাৰে পঞ্জাৱৰ ৭৫ বছৰীয়া পুৰণি ৰেচন পদ্ধতি সলনি কৰিলে ।

Exit mobile version