India COVID Bulletin : ক’ভিড আপডেট

1291904 covid test new pti

সোমবাৰৰ তুলনাত আৰু কমিল ভাৰতত কৰ’নাৰ প্রকোপ । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া দৈনিক কৰ’না বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত কৰ’না আক্রান্ত হৈছে এহেজাৰ ২৫৯ জন । সোমবাৰে সংক্রমিতৰ সংখ্যা আছিল এহেজাৰ ২৭০ ।

যোৱা ২৪ ঘণ্টাত দেশত কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে এহেজাৰ ৭০৫ জন । ইয়াৰ ফলত দেশত মুঠ সুস্থতাৰ সংখ্যা হ’ল চাৰি কোটি ২৪ লাখ ৮৫ হেজাৰ ৫৩৪ ।

দেশত ক্রমশ কমিছে কৰ’নাৰ প্রকোপ । দৈনিক আক্রান্তৰ সংখ্যাৰ লগতে কমিছে কৰ’নাত মৃতৰ সংখ্যাও । স্বাস্থ্য মন্ত্রণালয়ৰ পৰিসংখ্যা অনুসৰি বিগত ২৪ ঘণ্টাত ভাৰতত কৰ’না আক্রান্ত হৈ মৃত্যু হৈছে ৩৫ জনৰ ।

ইয়াৰে দক্ষিণৰ ৰাজ্য কেৰালাত কৰ’নাত মৃত্যু হৈছে ২৫ জনৰ । যদিও কেন্দ্রীয় স্বাস্থ্য মন্ত্রমালয়ে জনাইছে, কেৰালাত কৰ’না সংক্রমিত হৈ আগতেই মৃত্যু হৈছিল ২১ জনৰ । কিন্তু সেয়া অনথিভুক্ত আছিল । ইয়াৰ ফলতেই মৃতৰ সংখ্যা বৃদ্ধি পালে ।

Exit mobile version