Russia-Ukraine War : যুদ্ধৰ মাজতেই ভাৰতত আহিব ৰাছিয়াৰ বৈদেশিক মন্ত্রী ! অপৰিশোধিত তেল ক্ৰয়ৰ বিষয়ত আলোচনাৰ সম্ভাৱনা

s jaishankar meets russian counterpart 1599674578

ৰাছিয়াৰ (Russia) বৈদেশিকমন্ত্রী ছের্গেই লাভৰভ (Sergey Lavrov) সম্ভৱত এই সপ্তাহত ভাৰত ভ্ৰমণ কৰিব । দিল্লীয়ে মস্কোৰ পৰা তেল আৰু সামৰিক হার্ডৱেৰ সংগ্রহৰ বাবে অর্থপ্রদানৰ ব্যৱস্থা কৰা এই ভ্ৰমণৰ মূল লক্ষ্য হ’ব বুলি ধাৰণা কৰা হৈছে ।

তথ্য অনুসৰি, লাভৰভে দুদিনৰ চীন ভ্ৰমণ শেষ কৰি বৃহস্পতিবাৰে অথবা শুকুৰবাৰে ভাৰতত আহিব । সূত্র অনুসৰি লাভৰভৰ ভাৰত ভ্ৰমণৰ বিস্তাৰিত সূচী এতিয়াও চূড়ান্ত কৰা হোৱা নাই ।

২৪ ফেব্রুৱাৰীত ইউক্রেইনৰ (Ukraine) বিৰুদ্ধে মস্কোৱে (Moscow) সামৰিক অভিযান আৰম্ভ কৰাৰ পাছত এইটোৱে ৰাছিয়াৰ পৰা ভাৰতত সর্বোচ্চ পর্যায়ৰ প্রথম ভ্ৰমণ ।

ভাৰতৰ বৈদেশিক মন্ত্রণালয় অথবা ৰাছিয়াৰ বৈদেশিক মন্ত্রণালয়ৰ তৰফৰ পৰা প্রস্তাৱিত ভ্ৰমণৰ বিষয়ত আনুষ্ঠানিকভাৱে কোনো কথা জনোৱা হোৱা নাই ।

বিগত কিছু সপ্তাহত ভাৰতত বিভিন্ন দেশৰ উচ্চ পর্যায়ৰ ভ্ৰমণৰ ঢৌ উঠিছে । ইয়াৰ ভিতৰত হৈছে চীনৰ (China) বৈদেশিক মন্ত্রী ৱাং ই (Wang Yi), ৰাজনৈতিক বিষয়ক মার্কিন আণ্ডাৰ ছেক্রেটাৰী অৱ ষ্টেট ভিক্টৰিয়া নুলেণ্ড (US Under Secretary of State for Political Affairs Victoria Nuland) আৰু অষ্ট্ৰিয়া আৰু গ্রিছৰ বৈদেশিক মন্ত্রীসহ নেতৃত্ব । বৃহস্পতিবাৰে ভাৰত ভ্ৰমণত আহিব ব্রিটিছ বৈদেশিক সচিব লিজ ট্রাছ (British Foreign Secretary Liz Truss) ।

সূত্র মাৰফত জানিব পৰা গৈছে লাভৰভৰ প্রস্তাৱিত ভ্ৰমণত, ৰাছিয়াৰ অপৰিশোধিত তেল আৰু সামৰিক হার্ডৱেৰ ক্রয়ৰ বাবে অর্থপ্রদানৰ ব্যৱস্থা বিষয়ত প্রধান ফ’কাছ থকাৰ সম্ভাৱনা ।

ৰাছিয়াৰ ওপৰত পশ্চিমীয়া দেশসমূহৰ নিষেধাজ্ঞাই তেওঁলোকৰ আর্থিক ব্যৱস্থাৰ ওপৰত চাপ সৃষ্টি কৰিছে । জানিব পৰা গৈছে যে উভয় পক্ষই ৰুপি-ৰুবেল পেমেন্ট ছিষ্টেম সক্রিয় কৰাৰ বিষয়ত গুৰুত্ব দিছে ।

অন্যান্য নেতৃস্থানীয় শক্তিৰ মত, ভাৰতে এতিয়াও ইউক্রেইনত আক্রমণৰ বাবে ৰাছিয়াৰ সমালোচনা কৰা নাই আৰু ৰাছিয়াৰ আগ্রাসনৰ নিন্দাত ৰাষ্ট্ৰসংঘৰ প্লেটফর্মত ভোটদানৰ পৰা বিৰত আছিল । ভাৰতে কূটনীতি আৰু আলোচনাৰ মাধ্যমত সংকট সমাধানৰ বাবে আৰম্ভণিৰ পৰাই কৈ আহিছে ।

প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ২৪ ফেব্রুৱাৰী, দুই মার্চ আৰু সাত মার্চত ৰাছিয়াৰ ৰাষ্ট্রপতি ভ্লাদিমিৰ পুটিনৰ (Vladimir Putin) স’তে ফোনত আলোচনা কৰিছে । প্রধানমন্ত্রী মোদীয়ে ইউক্রেইনৰ ৰাষ্ট্রপতি ভল’দিমিৰ জেলেনস্কিৰ (Volodymyr Zelenskyy) স’তেও দুবাৰ কথা পাতিছে ।

বিগত সপ্তাহত, বৈদেশিক মন্ত্রী এছ জয়শংকৰে (S Jaishankar) সংসদত কৈছিল যে ইউক্রেইন সংঘাতৰ বিষয়ত ভাৰতৰ অৱস্থান “অটল আৰু ধাৰাবাহিক” আৰু ভাৰতে অতি শীঘ্ৰে হিংসা বন্ধ কৰাৰ চেষ্টা কৰিছে ।

ভাৰতে ৰাছিয়াৰ পৰা কম দামত অপৰিশোধিত তেল কিনাৰ সিদ্ধান্ত লৈছে, যিয়ে বহু পশ্চিমীয়া শক্তিৰ মাজত উদ্বেগ সৃষ্টি কৰিছে ।

হোৱাইট হাউছৰ প্রেছ ছেক্রেটাৰী জেন ​​ছাকিয়ে (White House Press Secretary Jen Psaki) প্রায় দুসপ্তাহ আগতে কৈছিল যে ভাৰতে যদি ৰাছিয়াৰ পৰা কম দামত অপৰিশোধিত তেল কিনাৰ প্রস্তাৱ গ্রহণ কৰে তেনেহ’লে সেয়া মস্কোৰ ওপৰত মার্কিন নিষেধাজ্ঞাৰ লংঘন নহ’ব । তেওঁ আৰু কয় যে দেশসমূহে ৰাছিয়াৰ বিষয়ত কি ভূমিকা ল’ব বিচাৰে সেই বিষয়তো ভাবিব লাগিব ।

Exit mobile version