শিল্পই সীমা নামানে । যিকোনো প্ৰত্যাহ্বান নেওচি শিল্পই সদায় নিজস্ব বাটে গতি লোৱাৰ লগতে সংকীৰ্ণতাৰ উৰ্ধত, এখন সম্প্ৰীতিৰ সমাজ গঢ়াৰ ভূমিকা লয়। শেহতীয়া কৈ এনে এক ঘটনা চৰ্চিত হৈ পৰিছে নলবাৰীত।
যি সময়ত সাতাম পুৰুষীয়া ভিন্ন সম্প্ৰদায়ৰ ঐক্য- বিনষ্ট কৰাৰ বাবে বিশেষকৈ একাংশ ৰাজনৈতিক চক্ৰ অহৰহ উঠিপৰি লাগিছে তেনে এক জটিল পৰিবেশৰ মাজতে সম্প্ৰীতিৰ নিদৰ্শন দেখুৱাই চৰ্চিত হৈ পৰিছে নলবাৰীৰ এজন ব্যতিক্ৰম বেনপাৰ্টী শিল্পী।
ধৰ্মীয় সংকীৰ্ণতাৰ উৰ্ধলৈ গৈ চৰ্চালৈ আহিছে এইজন শিল্পী। এই ব্যতিক্ৰম শিল্পীজন নলবাৰীৰ ধৰ্মপুৰ সমষ্টিৰ সীমামূৰীয়া, নলবাৰী সমষ্টিৰ অন্তৰ্গত দোকুছি খৈৰাবাৰীৰ প্ৰয়াত চমচেৰ আলিৰ পুত্ৰ আলাউদ্দিন আহমেদ। অসমীয়া হিন্দু সমাজৰ বিবাহ উৎসৱৰ ই অন্যতম অংশস্বৰূপ ।
অন্যান্য সকাম- নিকামতো বেনপাৰ্টী ৰ ভূমিকা থাকিলেও বিবাহ উৎসৱত ইয়াৰ ভূমিকা বিশেষ ভাৱে উল্লেখনীয়। ইয়াৰ বিপৰীতে কি অসমীয়া কি অনা অসমীয়া – মুছলমান সমাজত বেনপাৰ্টী নিষিদ্ধ। কিন্তু এনে ব্যৱস্থাৰ মাজতো বেনপাৰ্টী ত এজন বাদ্যযন্ত্ৰ শিল্পী হিচাপে অংশ লৈ আহিছে আলাউদ্দিন আহমেদে।
বিগত সাত-আঠ বছৰধৰি আলাউদ্দিনে নলবাৰী জিলাৰ বিভিন্ন অঞ্চলৰ বিবাহ উৎসৱত বেনপাৰ্টী বজাই আহিছে। আলাউদ্দিনে প্ৰকাশ কৰামতে বৰ্তমানে তেওঁ ৰজনী কৈৱৰ্তৰ মিলনজ্যোতি বেনপাৰ্টী ত কীবোৰ্ড বাদক হিচাপে কৰ্মৰত হৈ আছে।
ইয়াৰ পূৰ্বে তেওঁ ডটকুচিৰ নয়নজ্যোতি বেনপাৰ্টী ত কাম কৰিছিল। ইপিনে একপ্ৰকাৰ অসমীয়া সমাজ ব্যৱস্থাত বেনপাৰ্টী ৰ ভূমিকা উল্লেখনীয় যদিও ইয়াৰ শিল্পী সকল সন্মান আৰু মজুৰিৰ পৰা বঞ্চিত হৈ অহা বুলি শিল্পীজনে ‘দৈনিক অগ্ৰদূত’ক দুখ প্ৰকাশ কৰে। তেওঁ কয়,’ শিল্পী, শিল্পীয়েই । শিল্পীৰ সৰু বৰ কি আছে। আজিকালি কিছুমান অভিজাত বিয়াত বেনপাৰ্টীৰ সলনি পশ্চিমীয়া সংস্কৃতিৰ অনুষৰণকাৰী বেণ্ড ,অৰ্কেষ্ট্ৰাৰ প্ৰচলন আৰম্ভ হৈছে। তেওঁলোকক যথেষ্ট পৰিমানৰ ধন আৰু সন্মান দিয়া হয়। কিন্তু অসমীয়া সমাজৰ পৰম্পৰাগত বেনপাৰ্টীৰ দল সমূহক সন্তোষজনক মজুৰি দিয়া দূৰৈৰ কথা , ভাল ব্যৱহাৰো নকৰে। দুই একক বাদ দি বেছিভাগেই আনকি ‘তই ‘ সম্বোধন কৰে। এনে ব্যৱহাৰে মনত বৰ কষ্ট দিয়ে। বেনপাৰ্টীৰ শিল্পীসকল বেছিভাগেই গৰিব শ্ৰেণীৰ। কিন্তু সেইবুলিয়ে তেওঁলোকক যথোচিত সন্মানখিনিও দিব নোৱাৰিনে ? ‘
উল্লেখ্য যে আলাউদ্দিন নামৰ এইজন বেন শিল্পী এজন দৰিদ্ৰ শ্ৰেণীৰ লোক। তেওঁৰ পিতৃ আছিল এজন দিন হাজিৰা কৰি পৰিয়াল চলোৱা লোক। কিন্তু তেওঁ আছিল সৰুৰে পৰা সাংস্কৃতিক মনৰ। প্ৰাথমিক বিদ্যালয়ত পঢ়ি থাকোতে তেওঁ আন্দোলনৰ সমসাময়িক কালত ‘ আজি আমাৰ সোণৰ অসম ৰসাতলে গল ‘ বুলি গীত গাই সমাজৰ দৃষ্টি আকৰ্ষণ কৰিছিল।
১৯৮৭ ত তেওঁ পকোৱা হাইস্কুল ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল যদিও উত্তীৰ্ণ হব নোৱাৰিলে। তাৰ পাছৰে পৰা বিভিন্ন কাম বন কৰি উপার্জন ত মনোনিবেশ কৰিবলৈ লয়। ১৯৯৯ ত তেওঁ পকোৱা হাইস্কুল চকত এখন সৰু পান তামোলৰ দোকান দিয়ে আৰু বৰ্তমানেও কণীৰ পাইকাৰী ব্যৱসায় কৰি আছে।
গাঁৱে গাঁৱে দোকানে দোকানে গৈ তেওঁ কণী বিক্ৰী কৰি পৰিয়াল চলাই আছে। কিন্তু এনে পৰিবেশৰ মাজতো সংগীত চৰ্চাত থমকি নৰল আলাউদ্দিন। নিজস্ব প্ৰছেষ্টাৰে হাৰমণিয়াম, দোতৰা, মেণ্ডোলীন, গীটাৰ আৰু কীবোৰ্ড বজাবলৈ শিকে।
এতিয়া তেওঁ কীবোৰ্ড বাদক হিচাপে বেনপাৰ্টী ত কামকৰি আছে। লক্ষণীয় যে এইজন বেনপাৰ্টী শিল্পীয়ে ইতিমধ্যে গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰটো কেবাটাও অনুষ্ঠান পৰিবেশন কৰিছে। ইফালে সামাজিক প্ৰতিবন্ধকতাৰ বিপৰীতে গৈ বেনপাৰ্টী ৰ শিল্পী হিচাপে কাম কৰি চৰ্চাৰ মাজলৈ অহা আলাউদ্দিনে শিল্প আৰু শিল্পীৰ বাবে কোনো সামাজিক ব্যৱস্থাৰ সীমা নাথাকে বুলি মন্তব্য প্ৰকাশ কৰে।
তদুপৰি তেওঁৰ এই কৰ্মত নিজৰ সমাজখনেও কোনোদিনে তেওঁক অৱহেলা কৰা নাই বুলি সমাজখনক কৃতজ্ঞতা জনায়। আলাউদ্দিনে কয়- মই কেতিয়াও সামাজিক ব্যৱস্থাৰ কুচক্ৰত পৰিবলগা হোৱা নাই। শিল্প আৰু শিল্পীৰ বাবে কোনো সীমা বা প্ৰতিবন্ধক নাথাকে। শিল্পীৰ সমাজখন বৃহৎ। ইয়াত সকলো জাতি জনগোষ্ঠীৰ প্ৰতি সমৰ্মিতা থাকে। ‘ উল্লেখ্য যে এইজন শিল্পীয়ে বেনপাৰ্টীৰে জীৱন নিৰ্বাহ কৰাৰ লগতে ভিন্ন সম্প্ৰদায়ৰ মাজত ঐক্য ৰ নিদৰ্শন হৈ থিয় দি আছে ।