বিলিঙৰ সময়ত কেৰিবেগৰ বাবে মূল্য ধার্য ধাৰণ কৰাৰ বাবে জৰিমনা ভৰিবলগীয়া হ’ল ফিউচাৰ ৰিটেইল লিমিটেডৰ বিগ বজাৰে (Big Bazaar) । মহাৰাষ্ট্রৰ (Maharashtra) এটা জিলাৰ উপভোক্তা বিষয়ক কমিছনৰ তৰফৰ পৰা বিগ বজাৰক নির্দেশ দিয়া হ’ল ক্রেতাজনক ১৫০০ টকা দিয়াৰ । প্রসংগত, ক্রেতাজনৰ পৰা কেৰিবেগৰ মূল্যৰ বাবদ ১৯ টকা লোৱা হৈছিল । এইবাৰ প্রায় ৮০ গুণ অর্থ জৰিমনা হিচাপে দিবলগীয়া হ’ল বিগ বজাৰে । এক সর্বভাৰতীয় সংবাদমাধ্যম সূত্রে এই তথ্য জানিব পৰা গৈছে ।
২০২০ৰ ১৭ ডিচেম্বৰত অশ্বিনী ধানাভাট নামৰ এগৰাকী মহিলাই ঔৰংগাবাদৰ বিগ বজাৰৰ পৰা বস্তু ক্ৰয় কৰিছিল । পাছত বিলিঙৰ সময়ত তেওঁৰ পৰা সমস্ত সামগ্রী ৰখাৰ বাবে পৃথক কেৰিবেগৰ বাবদ পৃথককৈ ১৯ টকা দিবলৈ কোৱা হয় । অশ্বিনীৰ দাবী, বিগ বজাৰৰ এই ষ্ট’ৰৰ ক’তো পৃথক উল্লেখ কৰা নাছিল যে, বেগৰ বাবে পৃথক টকা দিব লাগিব ।
লগতে তেওঁৰ আৰু অভিযোগ, সেই বছৰতেই ১৬ৰ পৰা ২১ ডিচেম্বৰৰ মধ্যৱর্তী সময়ত তেওঁৰ পৰা ২.৩৩ টকা আৰু ২.৩৮ টকা লোৱা হয় ব্যক্তিগত দুর্ঘটনা বিমাৰ বাবদ । তেওঁ জনাইছে, এই ধৰণৰ কোনো বিমাৰ বাবে তেওঁৰ পৰা অনুমতি লোৱা হোৱা নাই । ইয়াৰ উপৰি, পাছত বিমাৰ কোনো কাগজপত্রও তেওঁক দিয়া হোৱা নাই ।
এই অভিযোগৰ ভিত্তিত বিগ বজাৰক কঠোৰ নির্দেশ দিয়া হৈছে । ‘নেচনেল কনজিউমাৰ ডিছপুটছ ৰিড্রেছাল কমিছন’ৰ তৰফৰ পৰা স্পষ্টভাৱে জনোৱা হৈছে, ক্রেতাৰ পৰা সামগ্রীৰ বাবে কেৰিবেগৰ ক্ষেত্রত পৃথক টকা ল’ব নোৱাৰিব । এই ধৰণৰ কাৰ্য সম্পূৰ্ণ বন্ধ কৰাৰ নির্দেশ দিয়া হৈছে । লগতে এই ক্রেতাক ১৫০০ টকা জৰিমানা দিয়াৰ কথাও জনোৱা হৈছে । ব্যক্তিগত দুর্ঘটনা বীমা পলিচিৰ বিস্তাৰিত তথ্য দিয়াৰ নির্দেশো দিয়া হৈছে ।