COVID-19 : ক’ভিড আপডেট

covid 19 india may need to rework test trace isolate and treat strategy

হ্ৰাস পাইছে ক’ভিড সংক্রমণ । কেন্দ্রীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্রণালয়ৰ দৈনিক কৰ’না বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ভাৰতত কৰ’না সংক্রমিত হৈছে এহেজাৰ ২৩৩ জন । মঙলবাৰে আক্রান্তৰ সংখ্যা আছিল এহেজাৰ ২৫৯ ।

সম্প্ৰতি দেশত সক্রিয় কৰ’না ৰোগী আছে মুঠ ১৪ হেজাৰ ৭০৪ জন । যোৱা ২৪ ঘণ্টাত কৰ’নাৰ পৰা সুস্থ হৈছে এহেজাৰ ৮৭৬ জন । ইয়াৰ ফলত দেশত কৰ’নাৰ পৰা সুস্থ হৈ উঠিছে মুঠ চাৰি কোটি ২৪ লাখ ৮৭ হেজাৰ ৪১০ জন । দেশত দৈনিক কৰ’না সংক্রমণৰ হাৰ ০.২০ শতাংশ ।

কেৱল আক্রান্তৰ সংখ্যাই নহয়, দেশত দৈনিক কৰ’নাত মৃত্যুৰ সংখ্যাও কমিছে । মঙলবাৰে সমগ্ৰ দেশত কৰ’নাত মৃত্যু হৈছিল ৩৫ জনৰ । বিগত ২৪ ঘণ্টাত দেশত কৰ’নাত মৃতৰ সংখ্যা আৰু কমি হ’ল ৩১ জন ।

ইয়াৰে কেৱল কেৰালাতে কৰ’নাত মৃত্যু হৈছে ২২ জনৰ । এই ২২ জনৰ ভিতৰত ১৬ জনৰ আগতেই কৰ’নাত মৃত্যু হৈছিল, কিন্তু ইমান দিনে নথিভুক্ত হোৱা নাছিল । দেশত বুধবাৰ পর্যন্ত ১৮৩ কোটি ৮২ লাখ কৰ’নাৰ টিকা দিয়া হৈছে বুলিও কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ দৈনিক কৰ’না পৰিসংখ্যাই জনাইছে ।

Exit mobile version