কচুগাঁৱৰ লতামাৰী গাঁৱত বিদ্যুৎ বিভাগৰ চৰম হেতালি

বিদ্যুৎ আছে খুটা নাই, গছ আৰু বাঁহেৰে বিদ্যুতৰ খুটা স্থাপন, শংসয়ত দিন কটাইছে গাঁওবাসীয়ে

WhatsApp Image 2022 03 31 at 6.24.31 PM

কৈ থাকিলেও যেন শেষ নহয় বিদ্যুৎ বিভাগৰ হেমাহীৰ কথা । যি সময়ত চৰকাৰে বিদ্যুতৰ নামত কোটি কোটি টকা ব্যয় কৰি আছে তেনে সময়তে বিদ্যুতৰ পুতৌ লগা অৱস্থাৰ কথা পোহৰলৈ আহিছে ।

গোসাঁইগাঁও মহকুমা বিদ্যুৎ উপ সংমণ্ডলৰ অধীনস্থ কচুগাঁও লতামাৰী গাঁৱত বাঁহ আৰু গছকে বিদ্যুতৰ খুটা হিচাপে ব্যৱহাৰ কৰা পৰিলক্ষিত হৈছে । গাঁওখনৰ ৩০ টা পৰিয়ালৰ অধিকাংশ পৰিয়ালত মিটাৰ আছে কিন্তু যোৱা পাঁচ বছৰৰ পৰা তেনেকৈ বাঁহ আৰু গছকে বিদ্যুতৰ খুটা হিচাপে ব্যৱহাৰ কৰি আছে গাঁওবাসীয়ে ।

ৰাইজে জানিবলৈ দিয়া মতে, লতামাৰী গাঁৱত মাজে সময়ে বিদ্যুতৰ পৰা বহু ধৰণৰ বিপদ হৈয়ে থাকে কিন্তু বিদ্যুৎ বিভাগে কোনো ধৰণৰ পদক্ষেপ হাতত নলয় । গাঁওবাসীৰ লগতে বিজেপিৰ কচুগাঁও মণ্ডলৰ উপ সভাপতি বাপ্পী সৰকাৰে বিদ্যুৎ বিভাগলৈ অনুৰোধ জনাই সাংবাদিকৰ আগত কয় যে অতি সোনকালে বিদ্যুতৰ খুটিৰ ব্যৱস্থা কৰি ভয়ংকৰ বিপদৰ পৰা গাওঁবাসীক ৰক্ষা কৰিব লাগে বিদ্যুৎ বিভাগে । কাৰণ ভয়তে দিন কটাবলগীয় হৈছে লতামাৰী গাঁৱৰ ৩০ টাকৈ পৰিয়ালে ।

Exit mobile version