কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নহ’লে একমাত্র ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে নহ’ব : আক্ৰাছুৰ উপদেষ্টা অৰুন ৰায়

WhatsApp Image 2022 03 31 at 6.24.30 PM

আজি কোকৰাঝাৰত সদৌ কোচৰাজবংশী ছাত্র সন্থা চমুকৈ আক্ৰাছু, চিলাৰায় সেনা আৰু মহিলা সমিতিৰ কেন্দ্রীয় সমিতিৰ শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় । কোকৰাঝাৰ সদৰৰ সমীপৱর্তী নাৰাবাৰীৰ চিলাৰায় ভৱনত উক্ত শপতগ্ৰহণ অনুষ্ঠান অনুষ্ঠিত হয় ।

উক্ত অনুষ্ঠানত উপস্থিত থাকে আক্ৰাছুৰ কেন্দ্রীয় সভাপতি দীপেন ৰায়, সাধাৰণ সম্পাদক কেশৱ ৰায়, উপদেষ্টা অৰুণ ৰায়, মহিলা সমিতিৰ কেন্দ্রীয় সভানেত্রী কনিকা বৰুৱা প্ৰধানীৰ লগতে কেন্দ্রীয় সমিতিৰ অইন অইন বিষয়ববীয়াসহ বিভিন্ন জিলা সমিতি আৰু আঞ্চলিক সমিতিৰ সভাপতি, সম্পাদক, কৰ্মকৰ্তাসকল ।

উক্ত সভাত উপস্থিত থাকি সাংবাদিকৰ সাক্ষাৎকাৰত আক্ৰাছুৰ কেন্দ্রীয় সাধাৰণ সম্পাদক কেশৱ ৰায়ে কয় যে কোচ ৰাজবংশী জনগোষ্ঠীটোক জনজাতিকৰণ কৰিব লাগে বুলি দশক দশক ধৰি দাবী কৰি আহিছে কিন্তু দুৰ্ভাগ্যজনক বৰ্তমানৰ অসম চৰকাৰ তথা বিজেপি চৰকাৰখনৰ কোনো ধৰণৰ সৎ ইচ্ছা দেখা পোৱা নাই । অসমত বিজেপি চৰকাৰখনে দুটাকৈ কাৰ্যকাল পাৰ কৰিবলৈ গৈ আছে কিন্তু কোচ ৰাজবংশী জনগোষ্ঠীটোৰ যি জলন্ত সমস্যা সেই সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো ধৰণৰ বাস্তৱ পদক্ষেপ গ্ৰহণ কৰা দেখা নাই বুলি অভিযোগ উত্থাপন কৰিছে সাধাৰণ সম্পাদকজনে ।

লগতে ৰায়ে কয় যে ডঃ উপেন ৰাভা হাকাচামে ঐতিহাসিক নৰনাৰায়ণ সেতুৰ নাম সলনি কৰাৰ যি দাবী কৰিছে তাক ধিক্কাৰ জনাইছো আৰু অনাগত দিনত কোচৰাজবংশী জনগোষ্ঠীৰ স্বাভিমানত আঘাত আৰু গৌৰৱ খৰ্ব কৰা মন্তব্য নকৰিবলৈ সকীয়াই দিয়ে কেশৱ ৰায়ে । লগতে ৰায়ে চৰকাৰক আহ্বান জনায় যে অতি সোনকলে কেএচিৰ নিৰ্বাচন অনুষ্ঠিত কৰিব লাগে ।

ইপিনে, উক্ত সভাত উপস্থিত থাকি আক্ৰাছুৰ কেন্দ্রীয় মুখ্য উপদেষ্টা অৰুন ৰায়ে কয় যে কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণ নহ’লে একমাত্র ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে নহ’ব কাৰণ হিমন্ত বিশ্ব শৰ্মাই কোচৰাজবংশী জনগোষ্ঠীটোক বিভিন্ন ভাগত বিভক্ত কৰি আছে । ৰায়ে লগতে কেএচিৰ কৰ্তৃপক্ষক কোচৰাজবংশী জনগোষ্ঠীৰ জনজাতিকৰণৰ সমস্যা সমাধানৰ বাবে অসম চৰকাৰক হেঁচা প্ৰদান কৰিবলৈ দাবী জনায় ।

ইপিনে, আক্ৰাছুৰ কেন্দ্রীয় সভাপতি দীপেন ৰায়ে কয় যে চৰকাৰে কোচ ৰাজবংশীসকলৰ জনজাতিকৰণৰ সমস্যা সমাধান নকৰাৰ বাবে অহা ছয় এপ্ৰিলত আক্রাছুৰ কেন্দ্রীয় কাৰ্যনিৰ্বাহকত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচীৰ প্ৰস্তাৱ গ্ৰহণ কৰা হ’ব ।

Exit mobile version