পাঁচ দিনতে এশ কোটি টকাৰ ব্যৱসায় ‘আৰ আৰ আৰ’ৰ

rrr movie 4

দক্ষিণ ভাৰতীয় ছবিৰ বাণিজ্যিক সফলতাই আকৌ এবাৰ বলিউডক প্রত্যাহ্বান জনালে। মুক্তি লাভৰ পৰা মাত্র পাঁচদিনৰ ভিতৰতে বিশ্বজুৰি ৫৫০ কোটি টকাৰ ব্যৱসায় কৰিলে দক্ষিণ ভাৰতীয় ছবি ‘আৰ আৰ আৰ’-এ।

ADVERTISEMENT

ইফালে, এছ এছ ৰাজামৌলি পৰিচালিত এইখন ছবিয়ে ভাৰতৰ বক্স অফিচতে ইতিমধ্যে এশ কোটি টকাৰ ব্যৱসায় কৰিলে।

মুক্তিৰ পৰা মাত্র পাঁচদিনৰ পাছতে এশ কোটিৰ ক্লাবত স্থান লাভ কৰিলে ৰাজামৌলিৰ ছবিখনে। ভাৰতৰ লগতে আমেৰিকা আৰু ইউৰােপৰ চিত্ৰগৃহতাে চলচ্চিত্রপ্রেমীৰ বিশেষ সঁহাৰি লাভ কৰিছে ‘আৰ আৰ আৰ’-এ।

Exit mobile version