Imran Khan : অনাস্থা-বিতর্ক সন্ধিয়া, দেশবাসীক উদ্দেশ্যি ভাষণ দিব ইমৰানে

imran khan 1

বৃহস্পতিবাৰে সন্ধিয়া দেশবাসীক উদ্দেশ্যি ভাষণ দিব পাকিস্তানৰ প্রধানমন্ত্রী ইমৰান খানে । পাক তথ্যমন্ত্রী ফাৱাদ চৌধুৰীয়ে এই কথা জনাইছে । ফাৱাদৰ এই ঘোষণাৰ পাছতেই নতুনকৈ ইমৰানৰ পদত্যাগক লৈ জল্পনা আৰম্ভ হৈছে । এনে পৰিস্থিতিত বৃহস্পতিবাৰে সন্ধিয়া ছয় বজাত পাক পার্লিয়ামেন্টত ইমৰানৰ বিৰুদ্ধে অনা অনাস্থা প্রস্তাৱক লৈ বিতর্ক আৰম্ভ হোৱাৰ কথা । তাৰ আগতেই দেশবাসীক উদ্দেশ্যি ভাষণ দিয়াৰ সম্ভাৱনা ইমৰানৰ ।

ইমৰানৰ দল ‘পাকিস্তান তেহৰিক-ই-ইনছাফ’ (পিটিআই)-ৰ এটা সূত্র‌ই জনাইছে, দেশবাসীক উদ্দেশ্যি দিয়া ভাষণতেই পদত্যাগৰ কথা ঘোষণা কৰিব পাৰে পাক প্রধানমন্ত্রীয়ে । যদিও ইমৰানৰ পদত্যাগৰ সম্ভাৱনা নাকচ কৰি পাক গৃহমন্ত্রী শেখ ৰছিদে কয়, ‘‘আমাৰ কেপ্টেইনে অন্তিম বল পর্যন্ত যুঁজ দিব ।’’

পাকিস্তান মুছলিম লিগ (নৱাজ)-ৰ নেতা শ্বাহবাজ শ্বৰিফে বৃহস্পতিবাৰে দুপৰীয়া কয়, ‘‘প্রধানমন্ত্রী ইমৰানে প্রস্তাৱ দিছে, আমি যদি অনাস্থা প্রস্তাৱ প্রত্যাহাৰ কৰি ল‌ওঁ, তেন্তে তেওঁ পার্লিয়ামেন্ট ভাঙি নতুনকৈ ভোটত যাব ।’’ ইয়াৰ মাজতেই বৃহস্পতিবাৰে পুৱা পাক ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয়ক কমিটীৰ বৈঠকত সভাপতিত্ব কৰে ইমৰানে ।

সোমবাৰে পাক পার্লিয়ামেন্টৰ নিম্নকক্ষ নেচনেল এছেম্বলিৰ বিশেষ অধিবেশনৰ আৰম্ভণিতেই প্রধানমন্ত্রী ইমৰানৰ বিৰুদ্ধে অনাস্থা প্রস্তাৱ দি বিৰোধী দলনেতা শ্বাহবাজৰ নেতৃত্বত সন্মিলিত বিৰোধী পক্ষ । কিন্তু সেই প্রস্তাৱক লৈ বিতর্কৰ আগতেই বৃহস্পতিবাৰ পর্যন্ত সভা মুলতুবি ঘোষণা কৰে ডেপুটি স্পিকাৰ কাছিম খান সুৰিয়ে । সেই দিনাই বিৰোধীয়ে দিয়া অনাস্থা প্রস্তাৱক লৈ বিতর্ক হ’ব বুলি তেওঁ জনাইছিল ।

পাক সংবিধান অনুযায়ী নেচনেল এছেম্বলিত অনাস্থা প্ৰকাশ কৰাৰ সাত দিনৰ ভিতৰতে ভোট বাধ্যতামূলক । ইমৰান চৰকাৰৰ তৰফৰ পৰা জনোৱা হৈছে, দেওবাৰে (তিনি এপ্রিল) আস্থা ভোটৰ সন্মুখীন হ’ব প্রধানমন্ত্রী ।

অৱশ্যে ইতিমধ্যে ৰাজনৈতিক গতিপ্রকৃতিত স্পষ্ট, নেচনেল এছেম্বলিত গৰিষ্ঠতা হেৰুৱাইছে ইমৰানে । পাক সেনাৰ তৰফৰ পৰাও তেওঁক পদত্যাগ দিয়াৰ ‘বার্তা’ প্ৰেৰণ কৰা হৈছে বুলি জানিব পৰা গৈছে । বুধবাৰে সন্ধিয়া ইমৰানৰ স’তে পাক সেনাপ্রধান জেনেৰেল কমৰ জাভেদ বাজৱাৰ বৈঠকৰ পাছত সেই জল্পনা আৰু শক্তিশালী হৈছে ।

৩৪২ আসনৰ পাক নেচনেল এছেম্বলিত সংখ্যাগৰিষ্ঠতা প্রমাণৰ ‘জাদু সংখ্যা’ ১৭২ । ইমৰানৰ দল (পিটিআই)-ৰ সদস্য ১৫৫ জন । কিন্তু পিটিআই-ৰ বহুকেইজন পার্লিয়ামেন্ট সদস্য‌ই ইতিমধ্যে প্রকাশ্যত ইমৰানৰ নেতৃত্বৰ প্রতি অনাস্থা প্রকাশ কৰিছে । ইয়াৰ উপৰি ইমৰান চৰকাৰৰ সমর্থন প্রত্যাহাৰ কৰা মুত্তাহিদা কওমি মুভমেন্ট পাকিস্তান (এমকিউএম-পি)-ৰ সাত, বালুচিস্তান আওয়ামি পার্টি (বিএপি)-ৰ পাঁচ আৰু জামহুৰি ৱাতন পার্টিৰ এজন সদস্য আছে ।

আনহাতে, তিনি প্রধান বিৰোধী দল, পাকিস্তান মুছলিম লিগ-নৱাজ (পিএমএল-এন)-ৰ ৮৪, পাকিস্তান পিপল্‌ছ পার্টি (পিপিপি)-ৰ ৫৬ আৰু মুত্তাহিদা মজলিছ-ই-আমল (এমএমএ)-ৰ ১৫ জন সদস্য আছে নেচনেল এছেম্বলিত ।

উল্লেখ্য যে অনাস্থা ভোট দেওবাৰলৈকে পিছুৱাই দিয়া হৈছে ।

Exit mobile version