এ আই ইউ ডি এফৰ পাঁচ বিধায়কে ৰাতিপুৱাই মুখ্যমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰাটো সম্পূৰ্ণ অসত্য : মন্ত্ৰী পীযুষ হাজৰীকা

Pijush Hazarika new

ৰাজ্যসভাৰ দুখন আসনৰ বাবে অনুস্থিত নিৰ্বাচনৰ এটা দিনৰ পাছত ৰাতিপুৱাই এ আই ইউ ডি এফৰ পাঁচজন বিধায়কে মুখ্যমন্ত্ৰীক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰা বুলি কংগ্ৰেছৰ মনজিত মহন্ত নামৰ নেতা এজনে কৰা অভিযোগৰ উত্তৰ দি অসম চৰকাৰৰ মন্ত্ৰী তথা বিজেপি নেতা পীযুষ হাজৰীকাই সংবাদ মাধ্যম্যক কয় যে ই সম্পূৰ্ণ অসত্য আৰু মনে সজা কথা ।

ADVERTISEMENT

মন্ত্ৰীজনে কয় যে যোৱা নিৰ্বাচনত দিছপুৰ সমষ্টিৰ পৰা নিৰ্লজভাৱে পৰাজয়বৰণ কৰা মনজিত মহন্ত নামৰ পাবত গজা এই নেতাজনে কৰা অভিযোগ মানসিকভাৱে বিকাৰগ্ৰস্ত আৰু মানুহক বিপথে পৰিচালিত কৰাৰ বাবে কোৱা এক অসত্য আৰু মনে সজা কথা ।

এ আই ইউ ডি এফৰ কোনো বিধায়কে আজি পুৱা মুখ্যমন্ত্ৰী মহোদয়ক তেওঁৰ বাসগৃহত সাক্ষাৎ কৰা নাই বুলি উল্লেখ কৰি মন্ত্ৰীগৰাকীয়ে কয় যে কংগ্ৰেছৰ নেতৃত্বই এই অভিযোগ পাৰে যদি প্ৰমাণ কৰক, নহ’লে প্ৰয়োজন হ’লে মানহানিৰো গোচৰ তৰা হ’ব । মনে সজা এই কথাটো মানুহক বিপথে পৰিচালিত কৰাৰ এক ষড়যন্ত্ৰ বুলিও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে ।

Exit mobile version