ধেমাজিত ইন্ধন-ৰন্ধন-খাদ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে আছুৰ সত্যাগ্ৰহ

LPGG

ইন্ধনজাতকে আদি কৰি খাদ্য সামগ্ৰী, ঔষধজাত সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ ধেমাজি জিলা ছাত্ৰ সন্থাৰ । আজি ধেমাজি জিলাৰ শতাধিক আছু কৰ্মীয়ে হাতে হাতে প্লেকাৰ্ড লৈ বিজেপি চৰকাৰৰ বিৰুদ্ধে জাঙুৰ খাই‌ ৰাজপথত ‘সত্যাগ্ৰহ’ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে ।

ADVERTISEMENT

বজাৰত লাগিছে জুই/যোগান বিভাগ আছে শোই, মূল্যবৃদ্ধি ৰোধ কৰিব নোৱাৰা/ বিজেপি চৰকাৰ হাই হাই, ম‌ই হ‌ওঁ বিজেপি/নুবুজো ৰাইজৰ দুৰ্গতি আদি চৰকাৰ বিৰোধী শ্লোগান ধ্বনিৰে ধেমাজিৰ আকাশ বতাহ কপাঁই তোলে ।

ধেমাজি তিনিআলিৰ আছুৰ ছহিদ উদ্যান হৈ ধেমাজি চাৰিআলি প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে ক্ৰমে আছু কেন্দ্ৰীয় সমিতিৰ সাংগঠনিক সম্পাদক মন্টু বৰুৱা, জিলা উপদেষ্টা বিজু দাস, সভাপতি দীপক শৰ্মা, সাধাৰণ সম্পাদক কল্যান গগৈ, মহকুমা ছাত্ৰ সন্থাৰ সভাপতি অৰবিন্দ গগৈ সম্পাদক অনিৰ্বাণ শ‌ইকীয়াই অংশ লয় ।

Exit mobile version