COVID-19 : ক’ভিড আপডেট

1291904 covid test new pti

দেশত দৈনিক কৰ’না আক্রান্তৰ সংখ্যা সামান্য বৃদ্ধি পালে । সাতদিন ধাৰাবাহিক হাৰত কমাৰ পাছত পুনৰ ঊর্ধ্বমুখী হ’ল দেশৰ দৈনিক সংক্রমণৰ সংখ্যা । বিগত ২৪ ঘণ্টাত দেশত এহেজাৰ ৩৩৫ জন কৰ’নাত আক্রান্ত হৈছে । যি আগৰ দিনৰ তুলনাত ১১০ অধিক । কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ে দিয়া তথ্য অনুযায়ী এদিনত কৰ’নাত মৃত্যুৰ সংখ্যাও কিছু বৃদ্ধি পাইছে । ব গত ২৪ ঘণ্টাত ৫২ জন কৰ’না ৰোগীৰ মৃত্যু নথিভুক্ত হৈছে । ইয়াৰে ১৭ জনৰ অৱশ্যে আগতেই মৃত্যু হৈছিল কেৰালাত ।

দেশৰ বিভিন্ন ৰাজ্যত ক’ভিড নিয়ন্ত্রণ কিছু শিথিল কৰাৰ প্রক্রিয়া আৰম্ভ হৈছে । মহাৰাষ্ট্রত শনিবাৰৰ পৰাই সমস্ত ক’ভিডবিধি তুলি দিয়া হৈছে । বিগত ২৪ ঘণ্টাত মহাৰাষ্ট্রতো বৃদ্ধি পাইছে কৰ’না আক্রান্তৰ সংখ্যা ।

উল্লেখযোগ্য হাৰত সংক্রমণ বাঢ়িছে মিজোৰামত । কৰ’না আক্রান্তৰ সংখ্যাত সম্প্ৰতি দেশত তৃতীয় স্থানত আছে মিজোৰাম । বিগত ২৪ ঘণ্টাত ৰাজ্যখনত প্রায় ৫০ শতাংশ বাঢ়িছে কৰ’না আক্রান্তৰ সংখ্যা । মৃত্যু হৈছে এজনৰ । প্রথম আৰু দ্বিতীয় স্থানত আছে যথাক্রমে কেৰালা আৰু মহাৰাষ্ট্র । চতুর্থ দিল্লী ।

বিগত ২৪ ঘণ্টাত কৰ’না পৰীক্ষা সামান্য কমিছে । ছয় লাখ ছহেজাৰ ৩৬ জনৰ কৰ’না পৰীক্ষা কৰোৱা হৈছে । সংক্রমণৰ সংখ্যা বাঢ়িলেও পজিটিভিটি ৰেটত বিশেষ হেৰফেৰ হোৱা নাই । বৃহস্পতিবাৰে পজিটিভিটিৰ হাৰ আছিল ০.২০ শতাংশ । শুকুৰবাৰৰ বুলেটিন অনুযায়ী মুঠ কৰ’না পৰীক্ষা ০.২২ শতাংশৰ কৰ’না ৰিপ’র্ট পজিটিভ আহিছে ।

বাঢ়িছে দেশৰ কৰ’না আক্রান্ত ৰোগীৰ সংখ্যা । সম্প্ৰতি দেশত মুঠ ১৩ হেজাৰ ৬৭২ জন কৰ’না ৰোগী আছে । লগতে কৰ’নামুক্ত হৈ উঠাৰ সংখ্যাও বাঢ়ি এহেজাৰ ৯১৮ জন হৈছে ।

Exit mobile version