ভাৰতৰ ক্ষমতাশালী এশ ব্যক্তিৰ তালিকাত শ্বাহৰুখ-কংগনা

Srk

‘ইণ্ডিয়ান এক্সপ্ৰেছ’কাকতে প্রস্তুত কৰা ভাৰতৰ ক্ষমতাশালী এশ ব্যক্তিৰ তালিকাত স্থান লাভ কৰিলে ৰাজনীতিক, শিল্পীৰ পৰা ক্রীড়া ক্ষেত্ৰত জড়িত ব্যক্তিত্বই।

ADVERTISEMENT

আই ই ১০০ শীর্ষক তালিকাখনত দেশক বিনােদন জগতৰ একাধিক ব্যক্তিত্বই স্থান লাভ কৰিছে। তালিকাখনত ৮২ সংখ্যক স্থানত অভিনেতা শ্বাহৰুখ খান, ৯৪ স্থানত অভিনেত্রী কংগনা ৰণৌটৰ নাম আছে।

একেদৰে ৯৬ নম্বৰত স্থান লাভ কৰিলে আন এজন মহাতাৰকা অভিনেতা অক্ষয় কুমাৰে। ৯৭ স্থানত আছে বলিউড অভিনেত্রী আলিয়া ভাট। একেখন তালিকাৰ ৯৯ সংখ্যক স্থানত আছে বলিউডৰ জনপ্রিয় গীতিকাৰ প্রসূন যােশী।

Exit mobile version