Benefits Of Avocado : পাঁচটা কাৰণ : ক্ৰমান্বয়ে জনপ্ৰিয় হৈ উঠিছে আভাকাডো

Avocado 640x514 1

আভাকাডো মূলতঃ মেক্সিকো আৰু মধ্য আমেৰিকাৰ ফল। কিন্তু এতিয়া এই ফলটো আমাৰ দেশতো জনপ্ৰিয় হৈ উঠিছে। বিশেষকৈ স্বাস্থ্যগুণৰ বাবে বহুলোকেই এই ফল নিয়মীয়াকৈ খাই ।

ADVERTISEMENT

আভাকাডোত থাকে স্বাস্থ্যকৰ চৰ্বি । ফলৰ ভিতৰত চৰ্বি জাতীয় উপাদান থকাটো কিন্তু যথেষ্ট বিৰল। ইয়াৰ উপৰিও, আভাকাডোত বিভিন্ন ধৰণৰ ভিটামিন আৰু খনিজ পুষ্টি থাকে।

★ হৃদৰোগৰ আশংকা হ্ৰাস কৰক: উচ্চ ৰক্তচাপ নিয়ন্ত্ৰণ কৰা, ক্ষতিকাৰক ট্ৰাইগ্লিচাৰাইড হ্ৰাস কৰা আৰু ধমনীস্বাস্থ্য সুৰক্ষিত কৰাত আভাকাডো যথেষ্ট উপকাৰী। এক আমেৰিকান অধ্যয়ন অনুসৰি, সপ্তাহত দুটা আভাকাডো খালে সংবহনৰ সমস্যা প্ৰায় ১৬ শতাংশ হ্ৰাস হয় । ইয়াৰ বাহিৰে, অস্বাভাৱিক হৃদস্পন্দন নিৰাময় কৰিবলৈ আভাকাডোৰ কোনো তুলনা নাই।

★ হজম শক্তি বৃদ্ধি আৰু ওজন হ্ৰাস: এটা আভাকাডোত ১৪ গ্ৰামলৈকে ফাইবাৰ থাকে। ফাইবাৰে হজমত সহায় কৰে আৰু কোষ্ঠকাঠিন্যৰ সমস্যা হ্ৰাস কৰে। ফাইবাৰ সমৃদ্ধ খাদ্য নিয়মীয়াকৈ খালে মলাশয়ৰ কৰ্কট ৰোগৰ আশংকা হ্ৰাস হয়। ইয়াৰ উপৰিও,বিশেষজ্ঞসকলৰ মতে ফাইবাৰ সমৃদ্ধ খাদ্যই ওজন হ্ৰাস কৰাত সহায় কৰে, ।

★ৰোগ প্ৰতিৰোধ ক্ষমতা বৃদ্ধি কৰে : আভাকাডোত যথেষ্ট পৰিমাণে এণ্টি-অক্সিডেণ্ট আৰু ভিটামিন বি থাকে। এণ্টি-অক্সিডেণ্ট জাৰণে ক্ষয় প্ৰতিৰোধ কৰাত সহায় কৰে আৰু ভিটামিন বি-য়ে শৰীৰক ৰোগৰ পৰা সুৰক্ষিত কৰাত সহায় কৰে। ইয়াৰ বাহিৰেও, আভাকাডোত ভিটামিন চি, ভিটামিন ই আৰু একাধিক খনিজ থাকে যি ৰোগ প্ৰতিৰোধ প্ৰণালী বৃদ্ধি কৰাত সহায় কৰে।

★অনিদ্ৰা প্ৰতিৰোধ কৰা: আভাকাডোত মেগনেছিয়াম থাকে। অনিদ্ৰা দূৰ কৰাত মেগনেছিয়াম অতি গুৰুত্বপূৰ্ণ। ইয়াৰ উপৰিও, মেগনেছিয়ামে শৰীৰৰ ভাগৰ আঁতৰ কৰাত সহায় কৰে।

★ চকু স্বাস্থ্যৱান ৰাখিবলৈ: আভাকাডোত লুটিন, আলফা-কেৰোটিন আৰু বিটা-কেৰোটিন থাকে। চকুৰ স্বাস্থ্যৰ বাবে এই উপাদানবোৰ অত্যন্ত প্ৰয়োজনীয়।

Exit mobile version