অসমৰ ভূমিত মেঘালয় আৰক্ষীৰ দাদাগিৰি

বকো তাৰাবাৰী ছেক্টৰৰ মালাং শালবাৰীত নিশা উত্তপ্ত পৰিস্থিতি

অসম-মেঘালয় সীমান্তত উত্তেজনা । বকোৰ সীমান্তৰ তাৰাবাৰী ছেক্টৰৰ মালাং শালবাৰীত নিশা উত্তপ্ত পৰিস্থিতি সৃষ্টি হয় । মেঘাল‌য়ৰ লোকে অসমৰ লোকক মাৰপিট কৰা ঘটনাই পৰিস্থিতি অধিক উত্তপ্ত কৰি তুলিছে ।

প্ৰথমে দিনৰ ভাগতে মেঘালয় আৰু অসমৰ লোকৰ তৰ্কাতৰ্কি হয় । পাছত নিশাৰ ভাগত হাতে হাতে দা-কুঠাৰ লৈ তাণ্ডৱ চলালে মেঘালয়ৰ লোকে । হাতত দা, কুঠাৰ লৈ খেদিলে অসম আৰক্ষীৰ লগতে অসমৰ লোকক । পৰৱৰ্তী সময়ত হতাহতি । এই ঘটনাত আহত হৈছে অসমৰ কে’বাগৰাকীও লোক ।

মালাং শালবাৰীৰ লোকে অসমত সমৰ্থন কৰাৰ বাবে অশালীন মন্তব্য আৰু আক্ৰমণ কৰাৰ অভিযোগ উঠিছে । এই ঘটনাক কেন্দ্ৰ কৰি নিশা দুই বজালৈকে সৃষ্টি হয় উতপ্ত পৰিস্থিতি ।

মেঘালয় দুস্কৃতিকাৰী আৰু মেঘালয় সমৰ্থনকাৰীৰ আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ পলায়ন কৰিবলগীয়া হয় । আনকি এই আক্ৰমণৰ পৰা ৰক্ষা পাবলৈ অসম আৰক্ষীয়ে সীমান্তৰ পৰা বহু দূৰলৈ পিছুৱাই আহিবলগীয়া হয় ।

ইফালে, স্থানীয় লোকৰ অভিযোগ মেঘালয়ৰ চিমিনাগুৰি আউটপোষ্টৰ আই. চি. গোলেন কে. চাংমাই মেঘালয়ৰ লোকসকলক উত্তেজিত কৰি আছে ।আনকি নিশাই বাতৰি সংগ্ৰহ কৰিবলৈ যোৱা সাংবাদিককো অশালীন মন্তব্য কৰে আই. চি গোলেন কে চাংমাই ।

পুৱতি নিশা বকো আৰক্ষী আৰু অৰ্ধসামৰিক বাহিনীয়ে সাময়িকভাৱে পৰিস্থিতি নিয়ন্ত্ৰণ কৰে । দিল্লীত অসম-মেঘালয় সীমান্তৱৰ্তী ১২টাকৈ বিবাদমান অঞ্চলৰ প্ৰথম পৰ্যায়ত ছয়টা বিবাদমান অঞ্চলৰ সীমা সমস্যা সমাধানৰ চুক্তি স্বাক্ষৰিত হয় । চুক্তি স্বাক্ষৰ অনুযায়ী বকোৰ সীমান্ত তাৰাবাৰী ছেক্টৰৰ মালাং শালবাৰী অসমতে চামিল হৈছে । ইয়াৰ পাছতো কিন্তু মেঘালয়ৰ লোকে এই অঞ্চলত উপদ্ৰৱ চলাইছে ।

Exit mobile version