অসমীয়া খাদ্য সম্ভাৰত যিবোৰ অন্তৰ্ভুক্ত কৰা হয় সেইবোৰৰ ভিতৰত কচু অনবদ্য । কচু শাক প্ৰায়ভাগ লোকৰে প্ৰিয় খাদ্য । বিশেষকৈ অসমীয়া খাদ্য সম্ভাৰৰ ভিতৰত অন্যতম হ’ল কচু শাক । এইবিধ শাকৰ আছে বহুতো গুণ । ইয়াত প্ৰচুৰ পৰিমাণে ভিটামিন চি, ভিটামিন বি আৰু ভিটামিন এ পোৱা যায় ।
উজ্জ্বল ছালৰ বাবে সপ্তাহত দুদিনমানকৈ কচু শাক খাব লাগে । দৰাচলতে কচু শাকত থকা থ্ৰিয়োনাইন নামৰ যৌগবিধৰ বাবে ছালৰ উজ্জ্বলতা বাঢ়ে । তদুপৰি কচুত থকা বিভিন্ন উপাদানৰ বাবে আৰজিনিন শুক্ৰাণুৰ পৰিমাণ বৃদ্ধিত সহায় কৰে । তদুপৰি কুকুৰীকণা ৰোগ প্রতিৰোধ কৰিব পৰা শক্তিও আছে । এইবিধ শাক খালে ৰক্তহীনতাৰ সমস্যাৰ পৰা হাত সাৰিব পাৰি ।
আনহাতে, ক’লেষ্টেৰল আৰু উচ্চ ৰক্তচাপত আক্ৰান্ত লোকসকলে সঘনাই কচু শাক খালে উপকাৰ লাভ কৰিব পাৰে । বিভিন্ন ধৰণৰ কৰ্কটৰোগ প্ৰতিৰোধ কৰাতো সহায় হয় । বহুতো লোকে কচু শাক খাব নোখোজে । কাৰণ কচু শাকৰ যে ইমান উপকাৰী গুণ আছে সেই বিষয়ে জ্ঞাত নহয় । কচু শাক খালে খজুৱতি হয় বুলি বহুতৰ মনত ভ্ৰান্ত ধাৰণা আছে ।
যিসকলৰ ছালৰ খজুৱতি ৰোগ আছে তেওঁলোকে এনে ধৰণৰ শাক ব্যৱহাৰ কৰিব নোখোজে । অৱশ্যে এনে ধৰণৰ শাক খালে খজুৱতি বৃদ্ধি হয় নে নহয় সেই বিষয়ে বিভিন্ন ঠাইত গৱেষণা চলি আছে । আনহাতে, কিছুমান লোকৰ ‘কচু’ শব্দটো শুনাৰ লগে লগে ডিঙি খজুৱাবলৈ ধৰে । আনকি শাকবিধ খোৱাৰ পাছত ডিঙিটো ফুলি উঠে ।
পিছে এনেবোৰ ঘটনা হয় বহুতৰ মানসিক অৱস্থাৰ বাবে । কিয়নো খাদ্যবস্তু গ্ৰহণৰ স’তে মনৰ ওতঃপ্ৰোত সম্পৰ্ক আছে । যদি আহাৰ গ্ৰহণৰ সময়ত মনটো সুস্থ হৈ নাথাকে তেতিয়াহ’লে এনে ধৰণৰ সমস্যাই গা কৰি উঠিব পাৰে ।