দেশত সামান্য হ্ৰাস পালে দৈনিক কৰ’না সংক্রমণ। বিগত ২৪ ঘণ্টাত ক’ভিড আক্রান্ত হ’ল ১,০৯৬ জন । কৰ’নায় মৃত্যু হৈছে ৮৩ জনৰ । দেওবাৰে এই তথ্য প্ৰকাশ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়ৰ ক’ভিড বুলেটিনত ।
শুকুৰবাৰে ভাৰতত কৰ’না আক্রান্তৰ সংখ্যা আছিল ১,২৬০ । যোৱা ২৪ ঘণ্টাত আক্রান্তৰ সংখ্যা নিম্নমুখী হ’লেও মৃত্যুৰ সংখ্যা ঠিক বিগত দিনৰ দৰেই । ৮৩ জন । এই পৰ্যন্ত কৰ’নাত মৃত্যু হৈছে ৫,২১,৩৪৫ জনৰ । কেন্দ্রৰ তথ্য অনুসৰি, সক্রিয় ৰোগীৰ সংখ্যা সামান্য কমিছে । সম্প্ৰতি কৰ’নাত সুস্থতাৰ হাৰ ৯৮.৭৬ শতাংশ ।
শনিবাৰ পর্যন্ত দেশত ১৮৪.৫৭ কোটি কৰ’না টিকা দিয়া হৈছে । আনহাতে, বিশ্ব স্বাস্থ্য সংস্থাই জনাইছে, পুনৰ কৰ’নাৰ নতুন এটা ৰূপ পোৱা গৈছে ব্রিটেইনত । নতুন মিউটেণ্টৰ নাম এক্সই । যি এই পর্যন্ত পোৱা কৰ’নাৰ ৰূপবোৰৰ ভিতৰত সৰ্বাধিক সংক্রামক ।