অ’মিক্ৰনতকৈ ১০ গুণ অধিক সংক্ৰামক ক’ভিড প্ৰজাতিৰ সন্ধান

7febf89513c743d3a4fbe08f5b5047d9

পুনৰ ক’ভিডৰ নতুন প্ৰজাতিৰ সন্ধান ওলাল । অ’মিক্ৰনতকৈয়ো কে’বাগুণ অধিক সংক্ৰামক ভাইৰাছৰ সন্ধান এইবাৰ লাভ কৰা হ’ল আমেৰিকাত । ক’ভিডৰ এই নতুন প্ৰজাতিৰ নাম হৈছে ‘এক্স ই’ । বিশ্ব স্বাস্থ্য সংস্থাই প্ৰকাশ কৰা অনুসৰি বৰ্তমানলৈকে কৰ’নাৰ যিসমূহ প্ৰজাতিৰ সন্ধান লাভ কৰা হৈছে তাৰ ভিতৰত ‘এক্স ই’ হৈছে সবাতোকৈ অধিক সংক্ৰামক ।

ইতিমধ্যে এছিয়া আৰু ইউৰোপৰ একাধিক দেশক কৰ’নাই পুনৰ আক্ৰান্ত কৰিছে । এনে পৰিস্থিতিতে ক’ভিডৰ নতুন অধিক সংক্ৰামক প্ৰজাতিৰ সন্ধান লাভৰ বাতৰিয়ে সমগ্ৰ বিশ্বকে আতংকিত কৰিলে । বিশেষজ্ঞসকলৰ ধাৰণা অনুসৰি বিশ্বৰ বহু দেশত সম্প্ৰতি ক’ভিড বিধি শিথিল কৰা হৈছে আৰু ইয়াৰ ফলত নতুনকৈ ‌চিনাক্ত হোৱা কৰ’নাৰ প্ৰজাতিৰ সংক্ৰমণ যিকোনো মুহূৰ্ততে মানৱৰ মাজত বৃদ্ধি পাব ধৰে । ক’ভিডৰ এই নতুন ‘এক্স ই’ প্ৰজাতিৰ জৰিয়তে বিশ্বজুৰি ক’ভিডৰ নতুন ঢৌৰ সৃষ্টি হ’ব পাৰে বুলিও বিশেষজ্ঞ‌ই মত প্ৰকাশ কৰিছে ।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি, ‘বি এই.১’ আৰু ‘বি এই.২’ৱে একেলগে চৰিত্ৰ সলনি কৰি কৰ’নাৰ নতুন প্ৰজাতি ‘এক্স ই’ৰ সৃষ্টি কৰিছে । বিশ্ব স্বাস্থ্য সংস্থাই লগতে জনোৱা অনুসৰি ‘এক্স ই’ প্ৰজাতিৰ সংক্ৰমণ ক্ষমতা ‘বি এই.২’ প্ৰজাতিতকৈ প্ৰায় ১০ গুণ অধিক । চলিত বৰ্ষৰ যোৱা জানুৱাৰীতে ক’ভিডৰ এই নতুন প্ৰজাতিৰ সন্ধান লাভ কৰা হৈছিল । বৰ্তমানলৈকে বিশ্বত ৬৩৭ জন লোক ক’ভিডৰ এই নতুন প্ৰজাতিত আক্ৰান্ত হৈছে ।

জেনেভাস্থিত বিশ্ব স্বাস্থ্য সংস্থাই লগতে কয় যে ‘এক্স ই’ প্ৰজাতিৰ ক’ভিড ভাইৰাছ অধিক সংক্ৰামক যদিও ই কিমান ভয়াৱহ সেয়া এতিয়ালৈকে জানিব পৰা হোৱা নাই । ইফালে, যোৱা বুধবাৰে প্ৰকাশিত এক প্ৰতিবেদনত উল্লেখ কৰা অনুসৰি বিশ্বত যোৱা সপ্তাহৰ তুলনাত চলিত সপ্তাহত কৰ’নাত মৃতকৰ সংখ্যা প্ৰায় ৪৩ শতাংশ বৃদ্ধি পালে ।

Exit mobile version