উদ্যোগ স্থাপনৰ বাবে হাৰিয়ানাৰ নিবনুৱাক ২৫ শতাংশ ৰাজসাহায্য আগবঢ়াব চৰকাৰে

cogivmon

জীৱিকা সৃষ্টিৰ বাবে হাৰিয়ানা চৰকাৰে যুৱ প্ৰজন্মক ক্ষুদ্ৰ আৰু অতি ক্ষুদ্ৰ (এম এছ এম ই) উদ্যোগখণ্ডৰ প্ৰতি আগ্ৰহী কৰিবলৈ বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে । প্ৰধানমন্ত্ৰী ৰোজগাৰ সৃজন কাৰ্যসূচী (পি এম‌ ই জি পি), প্ৰধানমন্ত্ৰী সূক্ষ্ম খাদ্য উদ্যোগ উন্নয়ন যোজনা (পি এম এফ এম ই)ৰ অধীনত এম এছ এম ই ৰোহটকে এক বিশেষ পদক্ষেপ গ্ৰহণ কৰিছে ।

পি এম ই জি পি আঁচনিৰ অধীনত কেন্দ্ৰীয় চৰকাৰৰ জৰিয়তে নিবনুৱা যুৱক-যুৱতীয়ে উদ্যোগ-ব্যৱসায়ৰ বাবে বিশেষ ঋণ প্ৰদান কৰা হয় । নিবনুৱা যুৱ প্ৰজন্মক নিজৰ ব্যৱসায়-উদ্যোগ স্থাপনৰ বাবে এই আঁচনিৰ অধীনত ২৫ লাখ টকালৈকে ঋণ দিয়া হয় ।

হাৰিয়ানা চৰকাৰে উদ্যোগ স্থাপনৰ বাবে নিবনুৱা প্ৰজন্মক ২৫ শতাংশলৈকে ৰাজসাহায্য প্ৰদান কৰিব । এই আঁচনিৰ অধীনত গ্ৰামাঞ্চলত ২৫ শতাংশ আৰু চহৰাঞ্চলত ১৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰা হ’ব । আগ্ৰহী যুৱক-যুৱতীয়ে উদ্যোগ-ব্যৱসায় আৰম্ভ কৰাৰ বাবে ১০ শতাংশ মূলধন বিনিয়োগ কৰিব লাগিব ।

বিশেষ শ্ৰেণী, অন্যান্য পিছপৰা সম্প্ৰদায় আৰু প্ৰাক্তন সৈনিকক গ্ৰামাঞ্চলত উদ্যোগ স্থাপনৰ বাবে ৩৫ শতাংশ আৰু চহৰাঞ্চলৰ বাবে ২৫ শতাংশ ৰাজসাহায্য প্ৰদান কৰিব হাৰিয়ানা চৰকাৰে ।

Exit mobile version