বোকাজানত তিনি কোটিৰো অধিক টকাৰ ড্ৰাগছ জব্দ

খটখটি আৰক্ষীৰ জালত তিনি ড্ৰাগছ সৰবৰাহকাৰী, লগতে তিনিখনকৈ গাড়ী জব্দ ।

খটখটি বৰলেঙৰীত আৰক্ষীয়ে অভিযান চলাই জব্দ কৰে বুজন পৰিমাণৰ ড্ৰাগছ ।

কুখ্যাত ড্ৰাগছ মাফিয়াৰ বাবা হাজৰিকাৰ লগতে ড্ৰাগছৰ ব্যৱসায় চলাই আছিল এইচ ৰানীৰৌ নামৰ মণিপুৰৰ এগৰাকী মহিলাই ।

আৰক্ষীয়ে অভিযান চলাই ৭৯৫ গ্ৰাম ড্ৰাগছৰ লগতে জব্দ কৰে নগদ তিনি লাখ ৫৮ হেজাৰ টকা আৰু বহু নথি পত্ৰ ।

৬০ টা চাবোনৰ বাকচত আনিছিল এই ড্ৰাগছখিনি ।

ঘটনাৰ স’তে জড়িত এখন স্ক’ৰপীয়, মাৰুটি এছ ক্ৰছ আৰু এখন অট’ জব্দ কৰে আৰক্ষীয়ে ।

ড্ৰাগছ সৰবৰাহকাৰী মূল নায়িকা অল এইচ ৰানীৰৌৰ লগতে আৰ এন সুৰেন্দৰ আৰু ফক’ মাওক আটক কৰে আৰক্ষীয়ে ।

Exit mobile version