বিনামূলীয়া আঁচনিক লৈ উদ্বিগ্ন কেন্দ্ৰ

শ্ৰীলংকাৰ দৰে আৰ্থিক ‌সংকটৰ আশংকাত সতৰ্ক কৰি দিলে শীৰ্ষ ‌আমোলাই

Prime Minister Narendra Modi 1648300717657 1648300718009

ভাৰতৰ চুবুৰীয়া শ্ৰীলংকাৰ চৰম অৰ্থনৈতিক বিপৰ্যয় প্ৰত্যক্ষ কৰি নৰেন্দ্ৰ ‌মোদী চৰকাৰৰ শীৰ্ষ আমোলাসকলৰ একাংশ‌ই দেশত অব্যাহত থকা বিনামূলীয়া আঁচনিসমূহক লৈ গভীৰ উদ্বেগ প্ৰকাশ কৰিছে । হিতাধিকাৰীমুখী এনে আঁচনিয়ে ভাৰত চৰকাৰক শ্ৰীলংকাৰ দৰে বিপদগ্ৰস্ত কৰিব পাৰে বুলি প্ৰধানমন্ত্ৰী মোদীৰ সন্মুখতে শংকা প্রকাশ কৰি সতৰ্ক কৰি দিছে কেন্দ্ৰীয় চৰকাৰৰ জ্যেষ্ঠ সচিব পৰ্যায়ৰ বিষয়াই ।

প্ৰধানমন্ত্ৰী মোদীয়ে জ্যেষ্ঠ আমোলাৰ স’তে মিলিত হোৱা ‌এক বৈঠকত একাংশ বিষয়াই বিভিন্ন ৰাজ্য‌ই ৰূপায়ণ কৰি অহা জনমুখী আঁচনিসমূহক লৈ উদ্বেগ প্রকাশ কৰি কয় যে এনে আঁচনিসমূহ অৰ্থনৈতিকভাৱে বহনক্ষম নহয় । তদুপৰি এইসমূহ আঁচনিয়ে তেওঁলোকক শ্ৰীলংকাৰ পথলৈ লৈ যাব পাৰে বুলি বিষয়াসকলে মুকলিকৈয়ে শংকা প্রকাশ কৰে ।

সূত্ৰটোৱে লগতে জনায় যে প্রধানমন্ত্রীয়ে সকলো দপ্তৰৰ সচিবসকলৰ স’তে অনুষ্ঠিত কৰা এই বৈঠকত এনে উদ্বেগ প্ৰকাশিত হয় । বৈঠকত উপস্থিত থাকে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ড’ভাল, প্ৰধানমন্ত্ৰীৰ প্ৰধান সচিব পি কে মিশ্ৰ আৰু কেবিনেট সচিব ৰাজীৱ গৌৰা আদিৰ দৰে চৰকাৰৰ নীতি-নিৰ্ধাৰক শীৰ্ষ আমোলা ।

এই বৈঠকত মোদীৰ নিৰ্দেশনা অনুসৰি, দুই ডজনতকৈ অধিক সচিবে তেওঁলোকৰ মতামত ব্যক্ত কৰে । সূত্ৰত প্ৰকাশ যে প্ৰধানমন্ত্ৰীয়ে মুকলি মনেৰে কথাবোৰ শুনে । প্ৰধানমন্ত্ৰীয়ে চৰকাৰৰ নীতিৰ ত্ৰুটিসমূহ দাঙি ধৰিবলৈ বিষয়াসকলক আহ্বান জনায় । তদুপৰি তেওঁলোকৰ পৰামৰ্শ দাঙি ধৰিবলৈ কয় । বিষয়াসকল জড়িত থকা সংশ্লিষ্ট মন্ত্ৰণালয়ৰ স’তে সম্পৰ্কিত নহ’লেও আন বিষয়ৰ প্ৰসংগতো প্ৰধানমন্ত্ৰীয়ে বিষয়াসকল মতামত আৰু পৰামৰ্শ ব্যক্ত কৰিবলৈ কয় বৈঠকত ।

এই সন্দৰ্ভতে কে’বাজনো সচিবে শেহতীয়াকৈ সম্পন্ন হোৱা পাঁচ ৰাজ্যৰ বিধানসভা নিৰ্বাচনত আৰ্থিকভাৱে শোচনীয় ‌অৱস্থাত থকা ৰাজ্য‌ই ঘোষণা কৰা জনমুখী আঁচনিৰ প্ৰসংগ উত্থাপন কৰে । ইতিমধ্যে অৰ্থনৈতিক দুৰৱস্থা ভোগা ৰাজ্যসমূহৰ উপৰি অন্যান্য ৰাজ্যতো ঘোষণা কৰা একে ধৰণৰ বিনামূলীয়া আঁচনিৰ বিষয়ে উল্লেখ কৰি বিষয়াসকলে কয় যে এনে আঁচনিসমূহ অৰ্থনৈতিকভাৱে বহন কৰিব পৰা বিধৰ নহয় । ইয়াৰ ফলত ৰাজ্যসমূহত শ্ৰীলংকা সদৃশ পৰিস্থিতিৰ সৃষ্টি হ’ব পাৰে । কিয়নো প্ৰতিখন ৰাজ্যৰে দেশী-বিদেশী ঋণৰ পৰিমাণ যথেষ্ট বেছি ।

উল্লেখ্য যে সম্প্ৰতি দেশৰ ইতিহাসতে শোচনীয় অৰ্থনৈতিক সংকটৰ মাজেৰে দিন পাৰ কৰিছে শ্ৰীলংকাই । এনে সময়তে কেন্দ্ৰৰ শীৰ্ষ আমোলাৰ প্ৰধানমন্ত্ৰীৰ সন্মুখতে হিতাধিকাৰী সৃষ্টিকাৰী আঁচনিক লৈ ব্যক্ত কৰা উদ্বেগ অত্যন্ত স্পৰ্শকাতৰ বিবেচিত হৈছে ।

ইপিনে, বৈঠকত প্ৰধানমন্ত্ৰীয়ে বিষয়াসকলক মানসিকতাৰ সলনি কৰিবলৈ আহ্বান জনায় । তেওঁ কয় যে দৰিদ্ৰতাৰ অজুহাত দেখুৱাই বৃহৎ উন্নয়নী প্ৰকল্প গ্ৰহণৰ পৰা বিৰত থকা পুৰণি কাহিনী পুনৰাবৃত্তিৰ পৰা বিৰত থাকিব লাগে । সংকটৰ মোকাবিলাৰ মানসিকতা পৰিহাৰ কৰি উদ্ধৃত মোকাবিলাৰ নতুন প্ৰত্যাহ্বান গ্ৰহণ কৰিবলৈ মোদীয়ে আমোলাসকলক আহ্বান জনায় । এক বৃহৎ দৃষ্টিভংগীৰে বিষয়াবোৰ অৱলোকন কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে ।

Exit mobile version