mRNA COVID Vaccine In India : এইবাৰ ভাৰততেই প্ৰস্তুত কৰা হ’ব এমআৰএনএ ক’ভিড টিকা

হু-ৱে প্রযুক্তিৰ যোগান ধৰিব হায়দৰাবাদৰ সংস্থাক

COVID vaccine research Janiecbros Getty Images

এমআৰএনএ পদ্ধতিৰ ব্যৱহাৰ কৰি এইবাৰ ভাৰততেই তৈয়াৰ কৰা সম্ভৱ হ’ব ক’ভিডৰ আটাইতকৈ শক্তিশালী টিকা । যি পদ্ধতিত ক’ভিড টিকা প্ৰস্তুত কৰি সফল হৈছে আমেৰিকাৰ দুই ঔষধ সংস্থা ‘ফাইজাৰ’ আৰু ‘মডার্না’ ।

এই পদ্ধতিত টিকা প্ৰস্তুত কৰাৰ প্রযুক্তি সৰবৰাহ কৰিবৰ বাবে বিশ্ব স্বাস্থ্য সংস্থাই (হু) বিভিন্ন দেশৰ সংস্থাক বাছি লৈছে, তাৰ ভিতৰত অন্যতম হায়দৰাবাদৰ সংস্থা ‘বায়’লজিকেল ই লিমিটেড’ (বিই) । সোমবাৰে হায়দৰাবাদৰ সংস্থাটোৰ তৰফৰ পৰা এই ঘোষণা কৰা হৈছে ।

সম্প্ৰতি ‘কর্বেভেক্স’সহ বহু জীৱনদায়ী ঔষধ আৰু টিকা প্ৰস্তুত কৰে এই সংস্থাই ।

বিই-ৰ তৰফৰ পৰা জনোৱা হৈছে, হু-ৰ টিকা প্ৰস্তুত কৰা উপদেষ্টা কমিটীয়ে (এচিপিডিভি) ভাৰতত এমআৰএনএ প্রযুক্তিত টিকা তৈয়াৰ কৰিবৰ বাবে সংস্থাৰ কর্মচাৰীসকলক প্রশিক্ষণ দিব । সেই টিকা তৈয়াৰ কৰাৰ প্রযুক্তি সৰবৰাহ কৰিব । সেই টিকা প্ৰস্তুত কৰিবৰ বাবে প্রয়োজনীয় গৱেষণাগাৰ তৈয়াৰ, যাৱতীয় সামগ্ৰীও সৰবৰাহ কৰিব । এই টিকা কেনেদৰে ভাৰতত দিব পাৰি তাৰ ৰোডমেপো তৈয়াৰ কৰি দিবলৈ হায়দৰাবাদৰ সংস্থাটোক সহায় কৰিব হু-ৰ এই উপদেষ্টা কমিটীয়ে । এই বিষয়ত ভাৰত চৰকাৰৰ তৰফৰ পৰা যি যি কৰা প্রয়োজন সেয়া কৰা হ’ব বুলি দিল্লীৰ তৰফৰ পৰা আশ্বাস দিয়া হৈছে ।

এমআৰএনএ প্রযুক্তি বুলিলে কি বুজায় ?

ফাইজাৰ আৰু মডার্না-ই প্ৰস্তুত কৰা এমআৰএনএ ক’ভিড টিকাত মানৱদেহৰ মেছেঞ্জাৰ আৰএনএ-কে ব্যৱহাৰ কৰা হয় । সেই মেছেঞ্জাৰ আৰএনএ তৈয়াৰ কৰা হয় গৱেষণাগাৰত । টিকাৰ মাধ্যমত সেই মেছেঞ্জাৰ আৰএনএ-কে সোমাই দিয়া হয় মানৱদেহত, যাতে ই মানৱ কোষবোৰক বিশেষ এক ধৰণৰ প্র’টিন তৈয়াৰ কৰা শিকাব পাৰে ।

যি প্র’টিনে কৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজ দিবৰ বাবে দেহৰ প্রতিৰোধ ব্যৱস্থাক গঢ়ি তুলিব পাৰে । এই পর্যন্ত ভাৰতত এই প্রযুক্তিত কোনো ক’ভিড টিকা প্ৰস্তুত কৰা নাই । এই ধৰণৰ টিকাৰ কার্যকাৰিতা অন্য টিকাবোৰতকৈ বেছি প্রমাণিত হোৱাত ভাৰতৰ বিভিন্ন সংস্থাই এমআৰএনএ প্রযুক্তিত টিকা প্ৰস্তুত কৰিবৰ বাবে হু-ৰ অনুমোদন বিচাৰিছিল । তাৰে মাজতে প্রাথমিকভাৱে তেওঁলোকে হায়দৰাবাদৰ সংস্থাটোকে বাছি লৈছে বুলি হু-ৰ উপদেষ্টা কমিটীৰ তৰফৰ পৰা জনোৱা হৈছে ।

Exit mobile version