‘বিজেপি কর্মীসকল দেশৰ স্বপ্নৰ প্রতিনিধি’, দলৰ ৪২তম প্রতিষ্ঠা দিৱসত মন্তব্য প্ৰধানমন্ত্ৰী মোদীৰ

PM Modi 1

বিজেপিৰ (BJP) ৪২তম প্রতিষ্ঠা দিৱস উপলক্ষে বক্তব্য ৰখাৰ সময়ত নিজকে এজন সাধাৰণ বিজেপি কর্মী বুলি দাবী কৰিলে প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে (PM Modi) । লগতে প্ৰত্যক্ষভাৱে নাম নোলোৱাকৈ কংগ্রেছক কটাক্ষ কৰিলে ‘পৰিয়ালবাদী পার্টি’ বুলি । দাবী কৰিলে, কংগ্রেছৰ দৰে দলে দেশৰ স’তে বিশ্বাসঘাতকতা কৰিছে । লগতে জনায় যে, বিজেপিয়ে ‘এক ভাৰত, শ্রেষ্ঠ ভাৰত’ মন্ত্রৰে দেশক আগুৱাই লৈ যাব বিচাৰে ।

বুধবাৰে মোদীৰ ভাষণ ভিডিঅ’ত চাইছে অগণন বিজেপিৰ নেতা-কর্মীয়ে । আজি তেওঁ কয়, “দেশত এতিয়া দুই ধৰণৰ ৰাজনীতি হৈছে । এটা পৰিয়ালবাদ, আনটো ৰাষ্ট্রবাদ । দেশত কেইটামান ৰাজনৈতিক দল আছে যিয়ে পৰিয়ালবাদৰ বাবে কাম কৰে । বিজেপিয়ে পৰিয়ালবাদসকলৰ বিৰুদ্ধে সৰৱ হৈ তাক নির্বাচনৰ ইছ্যু সৃষ্টি কৰিছে । এতিয়া দেশৰ মানুহে জনাওক, পৰিয়ালবাদী চৰকাৰ গণতন্ত্রত শত্রু । তেওঁলোকে সংবিধানৰ একো বুজি নাপায় ।”

লগতে নিজকে সাধাৰণ বিজেপি কর্মী বুলিও উল্লেখ কৰে প্রধানমন্ত্রীয়ে । তেওঁ কয়, “বিজেপিয়ে দেশৰ কাম কৰে । ম‌ইয়ো এজন সাধাৰণ কর্মীৰ দৰেই পৰিশ্রম কৰিব বিচাৰো । সকলোৰে পৰিশ্রমতেই উন্নতি হ’ব দেশৰ ।”

তেওঁ পুনৰ কয়, “বিজেপি কর্মীসকল দেশৰ স্বপ্নৰ প্রতিনিধি । এইটো তেওঁলোকৰ কর্তব্য পালনৰ সময় । দেশ সলনি হৈছে । দেশ আগুৱাই গৈছে । কাশ্মীৰৰ পৰা কন্যাকুমাৰী, কচ্ছৰ পৰা কোহিমা পর্যন্ত বিজেপিয়ে এক ভাৰত, শ্রেষ্ঠ ভাৰতৰ নীতিকেই আগুৱাই নি আছে ।”

ইপিনে ৰাছিয়া-ইউক্রেইন যুদ্ধৰ প্রসংগ‌ও উত্থাপন হৈছে প্ৰধানমন্ত্ৰী মোদীৰ মুখত । তেওঁ জনায়, বিশ্বৰ চাপত শিৰ নত নকৰি দেশৰ স্বার্থৰ কথা ভাবিয়ে ভাৰতে এই বিষয়ত স্বাধীন অৱস্থান গ্ৰহণ কৰিছে ।

বিজেপিৰ প্রতিষ্ঠা দিৱস লক্ষ্ণৌৰ পার্টিৰ কাৰ্যালয়ত পালিত হৈছে । সেই অনুষ্ঠানত যোগ দিয়ে যোগী আদিত্যনাথে । দেশজুৰি পালন কৰা হৈছে বিজেপিৰ প্রতিষ্ঠা দিৱস । এইবাৰেই প্রথম প্রতিষ্ঠা দিৱসত শোভাযাত্রা উলিওৱা হ’ব । কোৱা হৈছে, সৰুৰ পৰা ডাঙৰ, বহু বিজেপি নেতাই অংশ ল’ব এই শোভাযাত্রাত ।

Exit mobile version