অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে চৰকাৰে : মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস

পাকা সৰিহ আঞ্চলিক বাথৌ সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ সামৰণি

“অসমৰ ভিন্ন জনগোষ্ঠীয় ধৰ্ম-সংস্কৃতিবোৰ অসমৰ জাতীয় অস্তিত্ব । অসমৰ জনগোষ্ঠীয় সংস্কৃতিক সুৰক্ষিত কৰিছে অসম চৰকাৰে । অসমৰ বৰ্ণাঢ্য জনগোষ্ঠীয় ধৰ্ম-সংস্কৃতিক সুৰক্ষিত কৰি অসমৰ জাতীয় অস্তিত্বক স্থায়ী ৰূপত প্ৰতিষ্ঠা কৰাৰ উদ্দেশ্যে চৰকাৰে উদ্যোগ গ্ৰহণ কৰিছে ।” এইদৰে কয় অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কালি সামৰণি পৰা বজালী জিলাৰ আমদহ-জামগুৰিৰ বাথৌ থানসালিত উদ্‌যাপিত পাকা সৰিহ আঞ্চলিক বাথৌ সমিতিৰ সোণালী জয়ন্তী উৎসৱৰ মুকলি সভাৰ বিশিষ্ট অতিথিৰ ভাষণত ।

মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে তেওঁৰ ভাষণত বাথৌ ধৰ্ম আৰু বাথৌ মহাসভাই বড়ো জনগোষ্ঠীক বহু আগুৱাই নিয়া বুলিও কয় । পাকা সৰিহ আঞ্চলিক বাথৌ সমিতিৰ সভাপতি বীৰেণ দৈউৰীৰ সভাপতিত্বত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথিৰ ভাষণত নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক বসন্ত স্বৰ্গীয়াৰীয়ে বাথৌ ধৰ্মৰ তাৎপৰ্যপূৰ্ণ বাখ্যা কৰে ।

সভাত বড়ো কছাৰী স্বায়ত্বশাসিত উন্নয়ন পৰিষদৰ কাৰ্যবাহী সদস্য মহীপাল বড়ো, কটন বিশ্ববিদ্যালয়ৰ সহকাৰী অধ্যাপক ড° মৃদুলা বড়ো, বিটিচিৰ প্ৰাক্তন এমচিএলএ মাখন স্বৰ্গীয়াৰী, জিকেবি মহাবিদ্যালয়ৰ অধ্যক্ষ তথা নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় মহিলা কোষৰ উপদেষ্টা জুনু স্বৰ্গীয়াৰী, প্ৰাক্তন ছাত্ৰ নেতা ধৰ্মেশ্বৰ ৰয়ে সন্মানীয় অতিথিৰূপে বক্তৃতা প্ৰদান কৰে । লগতে স্বৌৰাং মঞ্জু থিয়েটাৰৰ প্ৰযোজক চন্দ্ৰকান্ত মুছাহাৰী, নিখিল বাথৌ মহাসভাৰ কেন্দ্ৰীয় উপদেষ্টা নীলকান্ত বড়ো, বৰপেটা-বাগ্‌সা জিলা সমিতিৰ সভাপতি বিদ্যাধৰ দৈমাৰী, পাঠশালা সামূহিক স্বাস্থ্য কেন্দ্ৰৰ মহকুমা চিকিৎসা বিষয়া ডাঃ দেৱজিৎ চৌধুৰীকে ধৰি কে’বাগৰাকীও বিশিষ্ট ব্যক্তি অতিথিৰূপে উপস্থিত থাকে ।

সভাখন আৰম্ভণিতে উদ্বোধন কৰে বাগ্‌সা জিলা বিদ্যালয়সমূহৰ পৰিদৰ্শক ভবেন দেউৰীয়ে । পাঁচ এপ্ৰিলৰ পৰা তিনিদিনীয়াকৈ অনুষ্ঠিত সোণালী জয়ন্তী উৎসৱত বড়োসকলৰ পৰম্পৰা ধৰ্মীয় সাংস্কৃতি, বড়ো লোক সংস্কৃতি প্ৰদৰ্শন, স্মৰণিকা উন্মোচন, আলোচনাচক্ৰ, সমূহীয়াকৈ বাথৌ আৰজ পৰিবেশন আদি বৰ্ণাঢ্য কাৰ্যসূচী ৰূপায়িত হয়‌ ।

কালি নিশাৰ ভাগত সা্স্কৃতিক অনুষ্ঠানেৰে তিনিদিনীয়া সোণালী জয়ন্তী উৎসৱৰ সামৰণি পৰে ।

Exit mobile version