চিৰাঙৰ বিলাসপুৰত ৰমজান মাহতে ৰহস্যজনক হত্যাকাণ্ড

পৰিয়ালৰ লোকেই বৃদ্ধক হত্যাৰ সন্দেহ

চিৰাঙৰ ঢালিগাঁও থানাৰ অন্তৰ্গত বিলাসপুৰত ৰহস্যজনক হত্যাকাণ্ড সংঘটিত হয় । জয়নাল আব্দিন(৭০) নামৰ লোকজনক পৰিয়ালৰ লোকেই হত্যা কৰাৰ অভিযোগ ।

নিজ ভাতৃয়ে অভিযোগ কৰি কয় যে নিহত লোকজনৰ পৰিয়ালৰ লোকে বিভিন্ন ক্ষেত্ৰত অত্যাচাৰ কৰি আহিছিল । ৰমজান মাহৰ মাজতে এই ধৰণৰ ঘটনা সংঘটিত হয় ।

পুৱতি নিশা চেহৰী খোৱাৰ লগতে ফজৰৰ নামাজো পঢ়িছিল নিহত বৃদ্ধজনে । তাৰ পাছতে সম্পত্তিজনিত কাৰণত পৰিয়ালৰ লোকেই হত্যা কৰা বুলি সন্দেহ কৰা হৈছে ।

চিপ লোৱা বুলি কোৱা হৈছে যদিও চিপ লোৱাৰ কোনো ধৰণৰ চিন নাই মৃতকৰ দেহত । সেয়ে মৃতদেহক লৈ সৃষ্টি হৈছে ৰহস্যৰ । ইতিমধ্যে ঢালিগাঁও থানাৰ আৰক্ষীয়ে মৃতদেহ উদ্ধাৰ কৰি মৰনোত্তৰ পৰিক্ষাৰ বাবে প্ৰেৰণ কৰে কাজলগাঁও জেএছবি অসামৰিক চিকিৎসালয়লৈ ।

Exit mobile version