দিনটোৰ ৰাশিফল

16487121247936

মেষঃ এই ৰাশিৰ জাতক-জাতিকাই ঘুৰা-ফুৰা কৰাৰ ক্ষেত্ৰত সাৱধান থাকিব । নিৰামিষ আহাৰ গ্ৰহণ কৰিব । বিদ্যাৰ্থীসকলৰ বাবে ভাল, প্ৰেমত শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৮ ।

বৃষঃ আজি যাত্ৰা নকৰাই ভাল । সেউজীয়া ৰঙৰ কাপোৰ পিন্ধিব । শিৱৰ আৰাধনা কৰিব আজি । প্ৰেমত শুভ । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

মিথুনঃ ঘৰৰ বাহিৰত শনিৰ আসন বনাই তিল তেলৰ প্ৰদীপ জ্বলাই শনিৰ আৰাধনা কৰিব । ব্যৱসায়ত ভাল, বিদ্যাৰ্থীৰ বৰ ভাল দেখা নাযায় । শুভ ৰং নীলা, শুভ সংখ্যা ২ ।

কৰ্কটঃ আজি মনৰ ইচ্ছা পূৰ্ণ হোৱাৰ যোগ । প্ৰেমত শুভ । বিদ্যাৰ্থীসকলে যত্ন কৰা উচিত । ব্যৱসায়ী আৰু অভিনেতাৰ কাৰণে শুভ । শুভ ৰং নীলা, শুভ সংখ্যা ৮ ।

সিংহঃ বিদ্যাৰ্থীৰ কাৰণে শুভ । সামাজিক কামত ব্যস্ততা দেখা যায় । চাকৰিৰ ক্ষেত্ৰত অশান্তি । ব্যৱসায়ত নতুন কাম আৰম্ভ কৰিব পাৰিব । শুভ ৰং হালধীয়া, শুভ সংখ্যা ৭ ।

কন্যাঃ খৰচ বৃদ্ধি । ব্যৱসায়ৰ ক্ষেত্ৰত কিছু জটিলতা থাকিব । বিদ্যাৰ্থীৰ কাৰণে শুভ । দিনটোত মনোকষ্টত ভুগিব লাগিব । শুভ ৰং বগা, শুভ সংখ্যা ৮ ।

তুলাঃ বিবাহৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে । শুভ কৰ্ম কৰিলে ভাল ফল পাব । প্ৰেম প্ৰণয়নত উন্নত । ভ্ৰমণত শুভ । শুভ ৰং সোণালী, শুভ সংখ্যা ৬ ।

বৃশ্চিকঃ সন্তান আৰু পিতৃৰ স্বাস্থ্যক লৈ চিন্তা থাকিব । চাকৰিৰ ক্ষেত্ৰত আগবাঢ়িব পাৰে । দিনটো শুভ । শুভ ৰং আকাশী নীলা, শুভ সংখ্যা ৮ ।

ধনুঃ অনাদায়ী কিছু অৰ্থ আদায় হোৱাৰ যোগ দেখা যায় । বিভিন্ন ক্ষেত্ৰত সুযোগ আহিব । বিদ্যাৰ্থীসকলে যত্ন কৰিলে ভাল ফল পাব । শুভ ৰং বগা, শুভ সংখ্যা ৭ ।

মকৰঃ নীলা কাপোৰ পৰিধান কৰি ওঁ ঐ খ্ৰীং শ্ৰীং শীনেশ্বৰায় নমঃ এই মন্ত্ৰ আঠবাৰ জাপ কৰিব । ঘৰত অতিথিৰ আগমন । শুভ ৰং সেউজীয়া, শুভ সংখ্যা ২ ।

কুম্ভঃ প্ৰেমত ভাল । দূৰ ভ্ৰমণ । যানবাহনৰ পৰা সাৱধান থাকিব । নতুন কৰ্মত হাত দিব পাৰিব । দিনটো শুভ । শুভ ৰং ৰঙা, শুভ সংখ্যা ৬ ।

মীনঃ নিৰামিষ ব্ৰত পালন কৰিব । বিদ্যাৰ্থীৰ ভাল, প্ৰেমত আৰু দাম্পত্য ভালেই দেখা যায় । পিতৃৰ অসুখত চিন্তা । শুভ ৰং বগা, শুভ সংখ্যা ২ ।

Exit mobile version