Raw Food side effects : তিনিবিধ খাদ্য কেঁচাই খালে হ’ব পাৰে বিপদ

90690080

শৰীৰ সুস্থ ৰাখিবলৈ ফল আৰু বিভিন্ন শাক-পাচলি কেঁচাই খোৱা স্বাস্থ্যকৰ বুলি কয় চিকিৎসকসকলে । কিন্তু প্রতি দিনৰ খাদ্য তালিকাত এনে কিছুমান খাদ্য থাকে যিবোৰ কেঁচাই খোৱা শৰীৰৰ বাবে ক্ষতিকৰ হ’ব পাৰে । যেনে কেঁচা বিলাহী অনেকেই খায় । কিন্তু বিলাহীত থকা গ্লিকোলকেলিঅ’ডছ কেঁচা অৱস্থাত খালে গেছৰ সমস্যাই দেখা দিব পাৰে । এনেকুৱাই কিছুমান খাদ্য আছে যিটো কেঁচা নোখোৱাই ভাল । সেইবোৰ কি ?

১। আলু : আলু বহুতৰেই পছন্দৰ পাচলি । আলু ভজা, আলুৰ দম, আলু চোখা— বিভিন্ন ধৰণে ৰান্ধি আলুৰ স্বাদ লোৱা হয় । নৰন্ধাকে কেঁচা আলু নোখোৱাই ভাল । কেঁচা আলুত প্রচুৰ পৰিমাণে ষ্টার্চ থাকে । কেঁচা খোৱাৰ ফলত হজমৰ সমস্যা হ’ব পাৰে । পেট ফোলা, পেটৰ গণ্ডগোল হ’ব পাৰে । বহু আলুত সেউজীয়া অংশ থাকে । ছোলানিন নামক এক প্রকাৰ টক্সিনৰ কাৰণে এনে হয় । ৰন্ধাৰ আগতে আলুৰ সেউজীয়া অংশ পেলাই দিব লাগে ।

২। ছছেজ : ঘৰত হঠাৎ অতিথি আহিলে বা শিশুসকলক সন্ধিয়াৰ খাদ্যত ছছেজ অত্যন্ত জনপ্রিয় এবিধ খাদ্য । স্বাস্থ্যকৰো । কিন্তু অনেকে ভজাৰ আগতেই কেঁচা ছছেজ খায় । এই অভ্যাস শৰীৰৰ বাবে অত্যন্ত ক্ষতিকৰ । কেঁচা ছছেজত ‘লিষ্টেৰিয়া’ নামক বেক্টেৰিয়া আছে । যি শৰীৰত বিভিন্ন সমস্যা সৃষ্টি কৰে । সেয়ে ভালকৈ নভজাকৈ ছছেজ খোৱা ভাল নহয় ।

৩। আলমন্দ : অনেকেই পুৱা দুই-তিনিটা আলমন্দ খাই দিনটো আৰম্ভ কৰে । সাধাৰণতে সৰহসংখ্যক লোকে যি আলমন্দ খায় সেইবোৰৰ স্বাদ মিঠা । স্বাস্থ্যকৰো । কিন্তু একেই ধৰণৰ আৰু এটা বাদাম আছে । যাৰ স্বাদ তিতা । ইংৰাজীত ইয়াক ‘বিটাৰ আমণ্ড’ কোৱা হয় । এই বাদামত বিষাক্ত হাইড্র’ছায়ানিক এচিড থাকে । কেঁচা খালে বিভিন্ন শাৰীৰিক সমস্যাৰ সৃষ্টি হ’ব পাৰে ।

Exit mobile version