ফ’বৰ্ছৰ ধনাঢ্য সংগীত শিল্পীৰ তালিকাত পুনৰ শীৰ্ষত ৰিহানা

1200x 1

বিশ্ববিখ্যাত বাণিজ্যিক পত্রিকা ফ’বৰ্ছ’-এ প্রস্তুত কৰা বিশ্বৰ সবাতােকৈ ধনাঢ্য সংগীত শিল্পীৰ তালিকাত আকৌ এবাৰ শীর্ষস্থান দখল কৰিলে পপ তাৰকা ৰিহানে।

ADVERTISEMENT

আলােচনীখনে বিশ্বৰ ধনাঢ্য ব্যক্তিৰ তালিকাত ১৭২৯ সংখ্যক স্থানত ৰিহানাক অন্তর্ভুক্ত কৰিলে। এইগৰাকী পপ তাৰকাৰ সম্পত্তিৰ পৰিমাণ হৈছে ১.৭ বিলিয়ন ডলাৰ মার্কিন ডলাৰ অর্থাৎ ভাৰতীয় মুদ্রাত ১২,৯০০ কোটি টকা।

টুইটাৰত ৰিহানাৰ ১০৫ নিযুত অনুৰাগী আছে। আনহাতে,ইনষ্টাগ্রামত ১২৬ নিযুত লােকে পপ তাৰকাগৰাকীক ফল’ কৰি আহিছে। নিজৰ ১৯ বছৰীয়া সংগীত শিল্পীৰ জীৱনত ৰিহানাই এতিয়ালৈকে ১৩ টা মার্কিন সংগীত বঁটা, ১২ টা বিলব’র্ড সংগীত বঁটা, নটা গ্রেমী বঁটা লাভ কৰাৰ লগতে ছটা গীনিজ বিশ্ব অভিলেখ ৰচিলে।

Exit mobile version