Kashmir : গন্তব্যৰ তালিকাত কাশ্মীৰ ! পৰ্যটকসকলৰ ভিৰে ভংগ কৰিলে ১০ বছৰৰ অভিলেখ

merlin 134961315 92453245 bcdd 40dd 849f c307d8a0624a superJumbo

কাশ্মীৰত পৰ্যটকৰ ভিৰে ভংগ কৰিলে ১০ বছৰৰ অভিলেখ।এই ঋতুতে উপত্যকাটোত ৩.৫ লাখতকৈও অধিক পৰ্যটকৰ আগমন ঘটিছে। কেৱল মাৰ্চ মাহতে সৰ্বাধিক পৰ্যটকৰ সংখ্যা আছিল ১.৮ লাখ। এপ্ৰিলৰ প্ৰথম সপ্তাহত ৫৮ হেজাৰতকৈ অধিক পৰ্যটক কাশ্মীৰত আহিছিল ।

পৰ্যটকসকলৰ বাবে মুখ্য আকৰ্ষণ হৈছে এছিয়াৰ সৰ্ববৃহৎ “টিউলিপ বাগিচা” যিখন ২৩ মাৰ্চত দৰ্শনাৰ্থীসকলৰ বাবে মুকলি কৰা হৈছিল।

জাবাৰৱান পাহাৰৰ পাদদেশত ১.৫ মিলিয়ন বহুৰঙী টিউলিপৰ সৌন্দৰ্য উপভোগ কৰিছে পৰ্যটকে । পৰ্যটন কাশ্মীৰৰ সঞ্চালক ড০ জি এন ইটুৱে এএনআইক কয়, “যদি আমি যোৱা ১০ বছৰৰ পৰিসংখ্যা তুলনা কৰোঁ, তেন্তে এই বছৰত উপত্যকাত অভিলেখ গঢ়িছে পৰ্যটকে । ক’ভিড-১৯ মহামাৰী পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি, আমি পৰ্যটনৰ বাবে কঠোৰ অভিযান চলাইছো। আমি ছ’চিয়েল মিডিয়া প্লেটফৰ্মও ব্যৱহাৰ কৰিছো।”

যোৱা কেইবছৰমানত, ৰাজনৈতিক অস্থিৰতাৰ বাবে, কাশ্মীৰ ভ্ৰমণ বন্ধ কৰা থাকিলেও, কিন্তু এইবাৰ যেন বাধা মানিব পৰা নাই মানুহে ।

কাশ্মীৰ পৰ্যটনৰ কলকাতাৰ ভাৰপ্ৰাপ্ত সঞ্চালক এহছান-উল-হকে জনাইছে, এই বছৰ পৰ্যটকৰ সংখ্যাই যোৱা ১০ বছৰৰ অভিলেখ ভংগ কৰিব বুলি আশা কৰা হৈছে।

পৰ্যটন উদ্যোগৰ স’তে জড়িত লোকসকল হোটেল আৰু গাড়ীত বুকিং অহা হাৰত অত্যন্ত সুখী। কৰ’না কালত খহি পৰা পৰ্যটন উদ্যোগটো এতিয়া বহুত ঘূৰি আহিছে বুলি অনুমান কৰা হয়।

Exit mobile version