অল-কায়দাৰ লগত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰা তিনিওজন অভিযুক্তৰ আজি পুনৰ NIA ৰ তদন্ত

বিগত প্ৰায় দেৰ মাহ পূৰ্বে অল কায়দাৰ লগত জড়িত থকাৰ অভিযোগত কলগাছিয়াৰ তিনিজনকৈ লোকক বৰপেটাৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে। আজি পুনৰ উক্ত অভিযুক্ত লোক তিনিজনৰ ঘৰত গুৱাহাটীৰ NIAৰ দলে তদন্ত কৰে।

ADVERTISEMENT

অৱশ্যে NIA ৰ দলে তদন্ত কৰি কোনো আপত্তি জনক বস্তু পোৱা নাই বুলি পৰিয়ালৰ লোকক লিখিত ভাৱে জানিবলৈ দিয়ে NIA ৰ দলটোৱে। আনফালে আলকাইদাৰ লগত জড়িত থকাৰ কথা নস্যাৎ কৰে অভিযুক্তৰ আত্মীয়ই।

তদন্ত সাপেক্ষে ধৃত বাদশা ছুলেমান খান, খাইৰুল ইছলাম আৰু নৌশাদ আলীক মুকলাই দিয়াৰ বাবে চৰকাৰ ওচৰত আহ্বান জনায় পৰিয়ালৰ লোকে।

Exit mobile version